বিত্ত বিভাগত খালী হৈ আছে বহু গুৰুত্বপূৰ্ণ পদ।
পদোন্নতিৰ পৰা বঞ্চিত বহু বিষয়া : বিত্তমন্ত্ৰী অজন্তা নেওগৰ হস্তক্ষেপ দাবী।
আজিৰ খবৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ : অসম চৰকাৰৰ বিত্ত বিভাগত কিছুমান বিষয়া-কৰ্মচাৰীৰ ফাইল মেৰপেছৰ বাবে অসম বিত্ত সেৱাৰ বহু বিষয়া বছৰ বছৰ ধৰি প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হবলগীয়া হৈছে । অলপতে বিভাগটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় নব নিৰ্বাচিত ৩৪ গৰাকী অসম বিত্ত বিষয়াক নতুনকৈ নিযুক্তি দিয়া হৈছে । কিন্তু আজিকোপতি উচ্চ পৰ্যায়ৰ বিভাগীয় বিষয়াসকলৰ পদোন্নতি নিদিয়াক লৈ বিষয়াসকল সমস্যাত পৰিছে। বহু বিষয়াই পদোন্নতি নোহোৱাকৈ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে অসম বিত্ত সেৱাৰ বিষয়াৰ পৰা পদোন্নতি হৈ পূৰণ কৰা অতিৰিক্ত সচিবৰ দৰে গুৰুত্বপূৰ্ণ ২ টা পদ , জ্যেষ্ঠ বিত্ত আৰু গণনা বিষয়া , যুটীয়া সঞ্চালকৰ ৩৫ টা পদ বছৰ বছৰ ধৰি খালী হৈ আছে । তেনেদৰে জ্যেষ্ঠ গণনা বিষয়া আৰু উপ সঞ্চালকৰ ৭৯ টা পদ খালী হৈ আছে । ইয়াৰ উপৰিও জিলা কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত খালী হৈ আছে ১৯০ টাকৈ পদ । ইমান পদ ৰাজ্যজুৰি খালী হৈ থকা বাবে বেছিভাগ জিলাতে একেজন বিষয়াই ৩ টাৰ পৰা ৫ টাকৈ পৰ্যন্ত পদবী লব লগা হৈছে । ফলত কামৰ মান আৰু গতি লেহেমীয়া হৈ পৰিছে । আনহাতে অভিযোগ মতে এই সংক্ৰান্তীয় বিভাগীয় ফাইল ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ ওচৰলৈ প্ৰেৰণৰ পৰা বঞ্চিত হৈ আছে একাংশ বিষয়া – কৰ্মচাৰীৰ চৰম হেমাহী আৰু গাফিলতিৰ বাবে। এই সন্দৰ্ভত বিত্তমন্ত্ৰী নেওগক বিষয়টোৰ ওপৰত বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে।