Your Voice, Our Strength

আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নাই নেকি ?

চিন্তা নকৰিব এতিয়াৰে পৰা ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ ।

আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : ড্ৰাইভিং লাইচেঞ্চ নথকা সকলৰ বাবে সুখবৰ । লাইচেঞ্চ বিচাৰি এতিয়াৰ পৰা ডি টি অ অফিচলৈ তাঁত বাতি কৰিব নালাগে ।

এতিয়াৰে পৰা ঘৰতে পৰীক্ষা দি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। ঘৰতে বহি কৰিব পাৰিব ড্ৰাইভিং লাইছেঞ্চৰ সকলো কাম। অসম চৰকাৰৰ পৰিৱহণ নিগমৰ অধীনত ‘অনলাইন লার্ণার্চ লাইচেন্স প্রাপ্তিৰ সুবিধা আৰু ভেহিকল ফিটনেছ এপ’ৰ উন্মোচন কৰি এই কথা সদৰি কৰিছে পৰিৱহণ নিগমে । সাধাৰণ মানুহে কোনো দালাল শ্ৰেণীৰ জৰিয়তে লাইচেঞ্চৰ কাম কৰিব নালাগে তাৰ বাবে পৰিবহণ বিভাগে এই বিশেষ সুবিধা কৰা হৈছে। আজিৰে পৰা লাভ কৰিব এই বিশেষ সেৱা। ডি টি অ অফিচ নোযোৱাকৈ ঘৰৰে পৰা পৰীক্ষা দি লাভ কৰিব পাৰিব অনলাইন লাইচেঞ্চ। এপৰ জৰিয়তে ড্ৰাইভিং লাইচেঞ্চৰ বাবে ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰিব আৱেদন। যিকোনো জিলা পৰিবহন কার্যালয়তে বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণ কৰিব পাৰিব।অন্যহাতে অসমত পঞ্জীয়ন কৰা যান-বাহনৰ ফিটনেছ প্রমাণপত্র নবীকৰণৰ বাবে লোৱা হৈছে এই ব্যৱস্থা। ইতিমধ্যে এনে পদক্ষেপৰ বাবে বিভিন্নজনে পৰিবহণ বিভাগ শলাগ লৈছে ।

P&C

You might also like