Your Voice, Our Strength

বৰপথাৰ নহয় তিতাবৰতো ওলাব পাৰে লৌহ কন্যা লাভলীনা।

বৰহোলাৰ এজাক কিশোৰ কিশোৰী দেখিছে বক্সাৰ হোৱাৰ সপোন ।

আজিৰ খবৰ, যোৰহাট, ৩ছেপ্টেম্বৰ :  অসমৰ লৌহ কন্যা লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদকেৰে দেশলৈ গৌৰৱ আৰু ইতিহাস ৰচনা কৰাৰ পাছতেই চহৰ নগৰ তথা গ্ৰাম্যাঞ্চলৰ বহু কিশোৰ কিশোৰীয়ে এতিয়া দুচকুত বক্সাৰ হোৱাৰ সপোন দেখাৰ আৰম্ভ কৰিছে । তাৰেই প্ৰতিফলন ঘটিছে তিতাবৰৰ বৰহোলাত । বৰহোলাৰ এজাক কিশোৰ-কিশোৰীৰ এতিয়া ওলাই আহিছে বক্সাৰ খেলিবলৈ । আৰম্ভ কৰিছে কঠোৰ অনুশীলন । গ্ৰহণ কৰিছে উপযুক্ত প্ৰশিক্ষণ। তেওঁলোকৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ সহযোগ আগবঢ়াইছে বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰই। তিতাবৰ বক্সিং এচ’ছিয়েচনৰ অন্তৰ্গত বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰৰ তত্বাৱধানত বৰ্তমান বক্সিং প্ৰশিক্ষণ আৰম্ভ কৰিছে প্ৰায় অৰ্ধশতাধিক উদ্যমী কিশোৰ-কিশোৰীয়ে। বৰহোলা বক্সিং প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক তথা প্ৰাক্তন বক্সাৰ দেৱাশীষ বৰুৱাৰ প্ৰচেষ্টাত বৰহোলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে এক বক্সিং প্ৰশিক্ষণ শিবিৰ। এই শিবিৰত উদিয়মান কিশোৰ-কিশোৰীসকলক ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ প্ৰশিক্ষকে প্ৰদান কৰিছে প্ৰশিক্ষণ ।প্ৰশিক্ষাৰ্থী সকলক উৎসাহ যোগাবলৈ বৃহস্পতিবাৰে বৰহোলাত উপস্থিত থাকে অসম বক্সিং সন্থাৰ সভাপতি বিবুল হাজৰিকা, সম্পাদক সঞ্জীৱ সন্দিকৈ, বৰহোলা চাহ বাগিছাৰ পৰিচালক দেৱানন্দ বৰুৱা, গোলাঘাট বক্সিং সন্থাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, চৰাইদেউ বক্সিং সন্থাৰ সম্পাদক নীলমনি ৰাজখোৱা, মৰান বক্সিং সন্থাৰ সম্পাদক আছাদুল হ’ক, দেৰগাঁও বক্সিং সন্থাৰ দিগন্ত নাথকে ধৰি বহুকেইজন ব্যক্তি‌‌।শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰি কিশোৰ কিশোৰীৰ সকলক অধিক উৎসাহেৰে কঠোৰ অনুশীলন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় প্ৰশিক্ষক সকলে । উল্লেখযোগ্য যে বৰহলাৰ বৃহৎ অঞ্চলৰ পৰা বিগত সময়ত কেইবাগৰাকী খেলুৱৈয়ে দেশলৈ সু-নাম কঢ়িয়াই অনাৰ উদাহৰণ আছে । চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰিলে বৰহোলাৰ এই বক্সিং কেন্দ্ৰটোৰ পৰা লাভলীনাৰ দৰে বহু ভাল ভাল খেলুৱৈ ওলাব বুলি তিতাবৰৰ ৰাইজে আশা কৰিছে ।

You might also like