Your Voice, Our Strength

তিতাবৰ আৰক্ষী বৃহৎ সফলতা , চাৰিটাকৈ গভাইত চোৰক আটক।

আজিৰ খবৰ, তিতাবৰ, ৩ ছেপ্টেম্বৰ : দীৰ্ঘদিন ধৰি তিতাবৰত চোৰে উপদ্ৰপ চলোৱত আজি আৰক্ষীৰ অভিযানত চাৰিটাকৈ চোৰ আৰক্ষীৰ জালত পৰে । তিতাবৰ আৰু জালুকনিবাৰী আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই ক্ৰমে অজয় ৰায়, ৰন্টু গগৈ, আদিত্য বাছফৰ আৰু মণ্টু কুমাৰ নামৰ চাৰিটা চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তিতাবৰত আৰক্ষী আৰু জালুকনিবাৰী আৰক্ষীয়ে বিশেষ সূত্ৰ খবৰ অনুসৰি আজি পুৱতি নিশা এক অভিযান চলায় চাৰিটাকৈ বেটাৰী চোৰ আটক কৰে । বৃহস্পতিবাৰে নিশা তিতাবৰ আৰু জালুকনিবাৰী আৰক্ষীয়ে যুটিয়া অভিযান চলাই গভাইত চোৰ কেইটাক আটক কৰে । উল্লেখ্য যে তিতাবৰৰ বিভিন্ন অঞ্চলৰ মোবাইল টাৱাৰৰ পৰা বেটাৰী চুৰ কৰি তিতাবৰ আৰক্ষী মূৰৰ কামুৰনি হৈ পৰিছিল গভাইত চুৰ কেইটা ।চোৰ কেইটাৰ পৰা তিতাবৰ আৰক্ষীয়ে বহুতো মোবাইলৰ টাৱাৰত ব্যৱহাৰ কৰা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চোৰৰ দলত বহুটো অসমাজিক কামত জড়িত আছিল বুলি জানিব পৰা গৈছে ।

You might also like