Your Voice, Our Strength

ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ হ’ব মিত্ৰতা নে শত্ৰুতা ? উপনিৰ্বাচনত ৰাইজৰ দলে ক’ত ক’ত দিব প্ৰাৰ্থীত্ব …

আজিৰ খবৰ, গুৱাহাটী, ৪ ছেপ্টেম্বৰ : প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া উপনিৰ্বাচনৰ বাবে তৎপৰ হৈছে । ব্যতিক্ৰম নহয় অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলো । আগন্তক উপনিৰ্বাচনৰ বাবে কংগ্রেছৰ সৈতে ৰাইজৰ দলে মিত্রতা কৰিবনে নকৰে সেয়াও চৰ্চালৈ আহিছে ৰাজনৈতিক মহলত । ইতিমধ্যে উপ–নির্বাচনত অৱতীর্ণ হ’বলৈ দিল্লীত তৎপৰ হৈ পৰা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্রস্তাৱক পুনৰ নস্যাৎ কৰিছে প্রদেশ কংগ্রেছে৷ উপ–নির্বাচনৰ লগতে আগন্তুক লোকসভা নির্বাচনতো মিত্রতাৰে বিজেপিক পৰাভূত কৰাৰ প্রস্তাৱ লৈ যোৱাকেইদিন নতুন দিল্লীত ব্যস্ত হৈ থকা বিধায়ক অখিল গগৈ আজি গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছৰ সৈতে মিত্রতা কৰাৰ প্রসংগ পুনৰ দোহাৰিছে৷ অখিল গগৈৰ মতে দিল্লীত ৰাহুল গান্ধী আৰু কংগ্রেছৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকক সাক্ষাৎ কৰাৰ পাছত উপ–নির্বাচনত ৰাইজৰ দলৰ সৈতে কংগ্রেছৰ মিত্রতা হোৱাটো পোষকতা কৰে বুলি সদৰি কৰিছে । গুৱাহাটীত শুকুৰবাৰে অখিল গগৈয়ে ৰাহুল গান্ধীয়ে একেলগে আগবঢ়া উচিত বুলি তেওঁক ইতিবাচক সঁহাৰি দিয়া বুলিও মন্তব্য কৰে৷ ৰাইজৰ দল, কংগ্রেছ আৰু আন বিৰোধী শক্তিসমূহ একত্রিত হ’লে উপ–নির্বাচনৰ চাৰিটা সমষ্টিত বিজেপিৰ সৈতে তুমুল যুঁজ দিব পৰা যাব বুলি মন্তব্য কৰে। বিধায়ক অখিল গগৈয়ে । অখিল গগৈৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে কিন্তু নতুন দিল্লীত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পুনৰ এই মিত্রতাক নস্যাৎ কৰিছে৷ ভূপেন বৰাই কয়– অখিল গগৈয়ে যি বক্তব্য প্রকাশ কৰি আছে, কৰি থাকক৷ তাক লৈ মই প্রতিক্রিয়া প্রকাশ কৰিব বিচৰা নাই৷ তেওঁ পুৱা এটা, গধূলি এটা কথা কয়৷ যদি এনেধৰণৰ চিন্তা–চর্চা অসমৰ ৰাইজে ভাল পায় বুলি ভাবে, তেন্তে কৰি থাকক৷ আলোচনাৰ পৰিৱেশ কোনোবাই বেয়া কৰিছে, কোনোবাই ভাল কৰিছে৷ আনহাতে ৰাহুল গান্ধীয়ে অখিল গগৈৰ মিত্রতাৰ প্রস্তাৱত ইতিবাচক ইংগিত দিছে বুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৰা মন্তব্য সন্দর্ভতো ভূপেন বৰাই প্রতিক্রিয়া প্রকাশ কৰি কয়– ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে আমি ইতিমধ্যে কথা পাতিছোঁ৷ উপ–নির্বাচনৰ প্রসংগত ইতিমধ্যে হাইকমাণ্ডে আমাৰ জ্যেষ্ঠ নেতাসকলক সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব দিছে৷ মই নাভাবোঁ যে প্রদেশ কংগ্রেছৰ নতুন সভাপতিগৰাকীক হাইকমাণ্ডে দিনে–নিশাই পৰামর্শ দিব৷

You might also like