Your Voice, Our Strength

কাগজ কলৰ কৰ্মাচাৰীসকলৰ সন্মুখত বিপদ ঘণ্টা।

১৫ দিনৰ ভিতৰত আৱাস খালী কৰাৰ নিৰ্দেশ ।

আজিৰ খবৰ, গুৱাহাটী, ৪ ছেপ্তেম্বৰ: পুনৰ বিপদঘন্টা বাজিছে কাগজ কলৰ কৰ্মচাৰীৰ মাজত । ভাল দিনৰ অপেক্ষাত থকা কৰ্মচাৰী সকলক এতিয়া এখন জাননীয়ে চিন্তাত পেলাইছে । যাৰ বাবে নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসিক এলেকাত কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । নেচনেল ল’ ট্ৰিবিউনেলে নিয়োগ কৰা লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক ‍১৫ দিনৰ ভিতৰত আৱাস সমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ কাগজ কল দুটাৰ চৌহদ । বিগত ৫৬ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলে লিকুইডেটৰ কুলদীপ বাৰ্মাৰ পৰা পোৱা এনে জাননীয়ে স্বাভাৱিকতে চিন্তাত পেলাইছে কৰ্মচাৰীসকলক ।

P&C

উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰিবলৈ পূৰ্বতে দিয়া নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পাছতো ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কলকাতাত থাকি লিকুইডেটৰে অসমীয়া কর্মচাৰীসকলক পুনৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ কৰিছে কাগজ কল কর্মচাৰী ইউনিয়নে । সম্প্ৰতি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইউনিয়নৰ নেতা মানবেন্দ্ৰ চক্ৰৱতীয়ে অভিযোগ কৰি কয় যে, নেচনেল কোম্পানী ল’ এপীলেট ট্ৰিবিউনেলে কাগজ কল দুটা কার্যক্ষম কৰিহে নিলাম কৰাৰ নিৰ্দেশ দিছিল । তদুপৰি কর্মচাৰীৰ প্ৰাপ্য বকেয়া আদায় দিয়াৰ কথাও উল্লেখ কৰিছিল ।কিন্তু ট্ৰিবিউনেলৰ এই নিৰ্দেশৰ পাছতো লিকুইডেটৰ কুলদীপ বার্মাই নগাঁও আৰু কাছাৰ কাগজ কল বিক্ৰী কৰা হ’ব বুলি কৈ কর্মচাৰীক ঘৰ খালী কৰিবলৈ নিৰ্দেশসূচক পত্ৰ প্ৰেৰণ কৰিছে বুলি চক্ৰৱৰ্তীয়ে অভিযোগ কৰে ।

ইফালে কাগজ কলৰ কর্মচাৰীৰ স্পষ্ট কথা যে, প্ৰাপ্য বকেয়া অবিহনে ঘৰ খালী কৰাৰ চেষ্টা চলালে চৰকাৰে মৃতদেহ আঁতৰাব লাগিব । লগতে পৰিস্থিতি ভয়াৱহ হ’ব বুলি আৱাসীসকলে চৰকাৰক সকিয়াই দিছে । কর্মচাৰীসকলে কোনা কাৰণতে ঘৰ খালী নকৰে বুলি ইতিমধ্যে চক্ৰৱৰ্তীয়ে স্পষ্ট কৰি দিয়ে ।

You might also like