Your Voice, Our Strength

দুজন যুৱ বিধায়কে ডাঙৰ ভুল কৰিলে।

তিতাবৰত কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ সম্বৰ্ধনা অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য।

আজিৰ খবৰ, যোৰহাট , ১৪ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰে দুখীয়াৰ প্ৰতি কোনো দায়বদ্ধতা নাই দায়বদ্ধতা আছে কেৱল ধনী মানুহৰ লগত । বিজেপি দলৰ নীতিৰ বাবে অসম আজি দুখীয়া হৈ গৈছে। অসমত বিজেপি আহিয়েই বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি ৰাজনীতি কৰিছে । এই মন্তব্য সংসদ তথা বিৰোধী দলৰ দলপতি গৌৰৱ গগৈৰ । বুধবাৰে তিতাবৰত কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক জনোৱা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি গৌৰৱ গগৈয়ে বিজেপিক চোকা সমালোচনা কৰি কয় বিভাজনৰ জৰিয়তে বিজেপিয়ে ৰাজনীতি কৰিছে । আবেগিক কথা কৈ ৰাইজৰ বিভাজন অনাই হৈছে বিজেপিৰ ৰণকৌশল । এই ৰাজনীতি কিমান দিন চলিব । ৰাইযে এতিয়া বুজি উঠিছে ।অহাবাৰ কংগ্ৰেছ চৰকাৰ অহাটো খাটাং বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । লগতে সংসদ গগৈয়ে কয় দুজন যুৱ বিধায়কে ডাঙৰ ভুল কৰিলে। মৰিয়নি আৰু থাওৰা সমষ্টিৰ ৰাইজ আমাৰ লগত আছে কংগ্ৰেছ এৰি গুচি যোৱা বিধকদ্বয় আমাৰ লগত থকা হলে জ্যেষ্ঠ নেতা হৈ থাকিলে হেঁতেন। এতিয়া তেওঁলোক জুনিয়ৰ হৈ থাকিব লাগিব। তেওঁলোকৰ দূৰ দৃষ্টি কম। কংগ্ৰেছ দলত তেওঁলোকে যি স্থান আৰু সন্মান পাইছিল সেইয়া অন্য দলত কেতিয়াও নেপায়। আমাৰ প্ৰাৰ্থী তালিকা দীঘল আমি যাকেই টিকট নিদিও জিকাটো পায়েই খাটাং। চি পি আই নেতা কানহায়া কুমাৰৰ কংগ্ৰেছ দলত যোগদান কৰাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে এই সময়ত বিজেপিৰ জনবিৰোধী নীতিৰ সম্পৰ্কে মাত মাতিব বিচাৰে তেওঁলোকক কংগ্ৰেছ দলে সদায় স্বাগতম জনাব বুলি সদৰি কৰে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে তিতাবৰত কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক ষ্টেচন তিনিআলিস্থিত মনমোহন সিং প্ৰেক্ষাগৃহত ব্লক কংগ্ৰেছৰ উদ্যোগত আনুষ্ঠানিক ভাৱে সম্বৰ্ধৰ্ণা জনায় । সাংসদ গৌৰৱ গগৈৰ লগতে দলৰ বহু কেইজন জ্যেষ্ঠ নেতাৰ উপস্থিতিত ব্লক কংগ্ৰেছ,মণ্ডল কংগ্ৰেছ,মহিলা কংগ্ৰেছৰ কৰ্মীয়ে তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক বিপুলভাৱে সম্বৰ্ধৰ্ণা জনায় ।সম্বৰ্ধৰ্ণা গ্ৰহণ কৰি বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কয় এটা বগা চোলা পিন্ধি ৰাইজৰ মাজলৈ আহিছোঁ আৰু এই বগা চোলা পিন্ধিয়েই পাঁচ বছৰ থাকিম ।

কংগ্ৰেছৰ শক্তি বিধায়কৰ মাজত নাই আছে তৃণমূল কৰ্মীৰ মাজত । যদি পাঁচ বছৰ আমি কষ্ট কৰোঁ তেতিয়া অহাবাৰ কংগ্ৰেছে চৰকাৰ হব । লগতে তেওঁ কয় স্থান হেৰুৱালে মানুহৰ মন হেৰাই যি স্থানতে আছে সেই স্থানতে আপোনালোক থাকক অলপ ধৈৰ্য লাগিব । মোৰ কোনো আকাংক্ষা নাই কেৱল ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে ওলাই আহিছোঁ দলৰ কৰ্মী সকলক হতাশ নহবৰ বাবে আহ্বান জনায় বিধায়ক ভাস্কৰ বৰুৱাই ।

P&C
You might also like