Your Voice, Our Strength

ৰাষ্ট্ৰীয় কাৰাটেত তিতাবৰৰ চাৰিগৰাকী খেলুৱৈৰ সোণৰ পদক অৰ্জন।

ৰাষ্ট্ৰীয় কাৰাটেত তিতাবৰৰ চাৰিগৰাকী খেলুৱৈৰ সোণৰ পদক অৰ্জন

আজিৰ খবৰ, যোৰহাট, ১৪ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় কাৰাটেত জিলিকিল তিতাবৰৰ পাঁচ গৰাকীকৈ খেলুৱৈ । চাৰিটা সোণৰ পদক আৰু এটা ৰূপৰ পদক অৰ্জনৰে পাঁচ গৰাকী খেলুৱৈয়ে অসম তথা তিতাবোৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ১০-১২ চেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল চিতৰিঅ কাৰাটে ফেডাৰেচন,ইণ্ডিয়াৰ উদোগত আৰু ইণ্টাৰনেচনেল চিতৰিঅ কাৰাটে ফেডাৰেচন,ইণ্ডিয়া অসম শাখাৰ সহযোগত গুৱাহাটিৰ চেমফৰ্ড ফিউচাৰেষ্টিক স্কুলৰ প্ৰেক্ষাগৃহত সপ্তম ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসম হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰৰ চাৰি গৰাকী খেলুৱৈয়ে ৪ টা সোণ ,১ টা ৰূপৰ পদসহ মুঠ ৫ টা পদক অৰ্জনৰে অসম তথা তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । পদকপ্ৰাপ্ত খেলুৱৈসকল হল
জুনিয়ৰ লৰাৰ কাটা ,কুমিটে,টীম কাটা ইভেণ্টত অনন্ত তাঁতী (২ টা সোণ,১টা ৰূপ), জুনিয়ৰ লৰাৰ কুমিটে ইভেন্টত নৰোত্তম গোৱালা (সোণ), ১২ বছৰ লৰাৰ কুমিটে ইভেন্টত কপিল মিলি (সোণ )।
উল্লেখ যে ৰাজ্য চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবদ্যই শুভ আৰম্ভ কৰা প্ৰতিযোগীতাখনিত ২৮ খন ৰাজ্যৰ লগতে চি আৰ পি এফ , অসম ৰাইফল, এচ এচ বি , ইণ্ডিয়ান আৰ্মী, চাৰ্ভিচেচ দলে অংশ গ্ৰহণ কৰে ।

You might also like