Your Voice, Our Strength

বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ।

আজিৰ খবৰ, গুৱাহাটী , ২ অক্টোবৰ : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদত আজাদি কি অমৃত মহোৎসৱ আৰু বিশ্ব হৃদ দিৱসৰ লগত সংগতি ৰাখি পহিলা অক্টোবৰত এক স্বেচ্ছা ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ গুৱাহাটী শাখাৰ যৌথ উদ্যোগত অনুষ্ঠিত শিবিৰটো মুকলি কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰবীণ কুমাৰ হনুমন্ত সিঙে । আনহাতে শিবিৰত পূব মণ্ডলৰ অৰ্দ্ধ শতাধিক বিষয়া , অভিযন্তা , পৰ্যবেক্ষক , জোৱানে ৰক্তদান কৰে ।

P&C
You might also like