Your Voice, Our Strength

উন্নয়নৰ চুনামিৰ প্ৰতিশ্ৰুতিৰে থাওৰাত মুখ্যমন্ত্রী।

অনাগত পাঁচ বছৰ হ'ব অসমৰ বাবে নৱজাগৰণ আৰু পুনৰুত্থান।

আজিৰ খবৰ, ২৬ অক্টোবৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি থাওৰা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত টেঙাপানী ট্রাইবেল হাইস্কুল খেলপথাৰ,গোঁহাইবাৰী চাহ বাগিচা খেলপথাৰ, নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, লখিমীপথাৰ আৰু পালেঙী হাইস্কুল খেলপথাৰত আয়ােজিত ৫ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি,অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী ভােটাৰ ৰাইজক আহ্বান জনায়। জনাকীর্ণ নির্বাচনী সভা কেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে থাওৰা সমষ্টিত বিৰােধীয়ে কেৱল ভাওনা চাবলৈ আহিছে। ঘৰৰ ল’ৰা সুশান্ত বিজয় হৈ সমষ্টিটোৰ ক্ষিপ্র উন্নয়ন কৰিব। তেখেতৰ নেতৃত্বত থাওৰা সমষ্টিৰ উন্নয়নে বিশেষ মাত্রা লাভ কৰিব বুলি উল্লেখ কৰি বিৰােধীয়ে কেৱল বিবৃতিৰ জৰিয়তেহে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

বিৰােধীয়ে জনসাধাৰণক নেতিবাচক কথা কৈ বিদ্রোহী কৰি ৰাখিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কেৱল বিজেপিয়েহে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কাম কৰা বাবে বিজেপিৰ পতাকা এতিয়া প্ৰতিগৰাকী জনসাধাৰণৰ হৃদয়ত অংকিত হৈ আছে বুলি কয়। বর্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নতুন প্রজন্মৰ বাবে নতুন অসম নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি অনাগত পাঁচটা বছৰ অসমৰ বাবে নৱজাগৰণ আৰু পুনৰুত্থানৰ পাঁচটা বছৰ হ’ব বুলিও তেওঁ কয়। তেখেতে মুখ্যমন্ত্ৰী হৈ থকালৈকে ২০২৬ চনৰ ভিতৰতে সকলাে জনজাতীয় লােকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি বিগত পাঁচটা মাহৰ ভিতৰতে চৰকাৰখনে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। জনজাতীয় কৃষ্টি আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে চৰকাৰখনে ঐকান্তিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি ইয়াৰ বাবে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি নামৰ নতুন বিভাগ এটা খােলা হৈছে বুলিও তেওঁ কয়। অসমৰ পূৰ্বৰ কোনাে এখন চৰকাৰে এনেধৰণৰ চিন্তা-চৰ্চা কৰা নাছিল বুলিও তেওঁ কয়। আগন্তুক পাঁচটা বছৰত সমগ্র থাওৰা সমষ্টিত উন্নয়নৰ চুনামি আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।

P&C

আনহাতে টেঙাপানীকে ধৰি ৫ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীয়ে ভোটাৰক আকৰ্ষণ কৰিবলৈ বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

 

You might also like