Your Voice, Our Strength

যান বাহনৰ গৰাকীক মন পছন্দৰ আৰু ফেন্সি নম্বৰ পনিলাম কৰি কামৰূপ মহানগৰ জিলা বিষয়াৰ কার্যালয়ে তিনি সপ্তাহত লাভ কৰিলে ৯.৮৫ লাখ টকাৰ ৰাজহ , সৰ্বাধিক নিলামৰ পৰিমাণ ৩.১০ লাখ টকা।

আজিৰ খবৰ, গুৱাহাটী, ২৮ অক্টোবৰ : কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন আন ৰাজ্য , কেন্দ্ৰীয় শাসিত অঞ্চলৰ দৰে অসমতো পৰিবহণ বিভাগে নিলামৰ বিনিময়ত যান বাহনৰ গৰাকী বা গ্ৰাহকক মন পছন্দৰ আৰু ফেন্সি নম্বৰ প্ৰদান কৰি আহিছে । ইয়াৰ বিনিময়ত গ্ৰাহকৰ পৰা পৰিবহণ বিভাগে বুজন পৰিমাণৰ ৰাজহো সংগ্ৰহ কৰি আহিছে । উল্লেখযোগ্য যে বহু গ্ৰাহকৰ নিজৰ মন পছন্দৰ এটা নম্বৰ নিজৰ বাহনখনত লগাবলৈ ইচ্ছা বা হাবিয়াস থাকে । এই হাবিয়াস বা ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি কেবা বছৰ পূৰ্বেই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ পৰিবহণ বিভাগেও গ্ৰাহকৰ সুবিধাৰ বাবে ফেন্সি বা মন পছন্দৰ নম্বৰ লব পৰা ব্যৱস্থা আৰম্ভ কৰিছিল । অৱশ্যে ইয়াৰ বাবে সেই নিৰ্দিষ্ট নম্বৰৰ বিপৰীতে নিলাম কৰা হয় । যিজন গ্ৰাহকে নিলামত অধিক ধন দিব তেওঁকে বিভাগে সেই মন পছন্দৰ নম্বৰ প্ৰদান কৰিব । ইফালে ৰাজ্যখনৰ অন্যতম ব্যস্ততাপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বুলি পৰিচিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে ৭ অক্টোবৰৰ পৰা আজি পৰ্যন্ত তিনি সপ্তাহত ৪১ খন বাহনৰ বিপৰীতে মন পছন্দৰ নম্বৰ গ্ৰাহকক নিলাম কৰি ৯.৮৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে । জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ দায়িত্ববাঁহী তথা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে ইয়াৰ ভিতৰত সৰ্বাধিক ধন লাভ কৰা নম্বৰটো হৈছে এ এছ ০১ ই এক্স ০০০১ আৰু ইয়াৰ বিপৰীতে লাভ কৰা ৰাজহৰ পৰিমাণ হৈছে ১.৭৫ লাখ টকা । এই নম্বৰতো ২২ অক্টোবৰত নিলাম হৈছিল । নূন্যতম ৯ হাজাৰ টকাৰ পৰা নিলাম আৰম্ভ হৈছিল । আনহাতে চলিত বর্ষত সৰ্বাধিক নিলাম হোৱা নম্বৰটো হল এ এছ ০১ ই কিউ ০০০১ আৰু ৬ জানুৱাৰীত এই নম্বৰটোৰ বিপৰীতে লাভ কৰা ধনৰ পৰিমাণ হল ৩.১০ লাখ টকা । কামৰূপ মহানগৰ জিলাৰ ইতিহাসত এই পৰ্যন্ত নিলামৰ বিপৰীতে লাভ কৰা এইটোৱেই হৈছে সৰ্বোচ্চ ধনৰ পৰিমাণ ।

You might also like