Your Voice, Our Strength

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব।

১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ'ব।

আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰ: খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

 

🔹তীব্ৰতৰ হ’ব ভেকচিন প্ৰদানৰ কাম।১৫ নৱেম্বৰৰ পৰা গাঁৱে গাঁৱে প্ৰদান কৰা হ’ব ক’ভিডৰ ভেকচিন।১০ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব চিকিৎসা কৰ্মী।

 

P&C

🔹বয়স্কসকলে ঘৰৰ পৰা ওলাই আহি ভেকচিন ল’ব বিচৰা নাই৷সেয়ে অহা ১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’ব৷

 

🔹অহা ১০ তাৰিখৰ পৰা সাত দিনীয়াকৈ এই ভেকচিনেচন অভিযান চলোৱা হ’ব।দুই কোটি লোকক ভেকচিন দিয়াত যেনেকৈ অভিযান চলোৱা হৈছিল তেনেকৈয়ে দিয়া হ’ব৷

 

🔹নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব৷১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ভেকচিন দি শেষ কৰা হ’ব৷

 

🔹এই মাহত দ্বিতীয় পালি ভেকচিন এক কোটি লোকক দিয়াৰ দিহা কৰা হৈছে।

 

🔹ইতিমধ্যে ২ কোটি ৭৬ লাখ লোকক প্ৰথম ড’জ ভেকচিন প্ৰদান কৰা হৈছে।আমাৰ টাৰ্গেট দুই কোটি দহ লাখ আছিল৷আমি টাৰ্গেটৰ ওপৰত গৈছো৷

You might also like