Your Voice, Our Strength

যান বাহনৰ বকেয়া কৰ আদায়ৰ অন্তিম সময়সীমা।

আজিৰ ভিতৰত কৰ আদায়ৰ আহ্বান পৰিবহণ আয়ুক্তৰ।

আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে যান বাহনৰ গৰাকী সকলক কিছু ৰেহাই দিছিল । তাৰ ভিতৰত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক যাবতীয় কৰ কাটল আদায় দিবলৈ বাকী আছিল তেওঁলোকক সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল । আনকি বিগত প্ৰায় ডেৰ বছৰৰ ভিতৰত সেই সময়সীমা ৭ বাৰ বৃদ্ধি কৰাৰ পাছত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে যোৱা ছেপ্টেম্বৰ মাহত শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূড়ান্ত তাৰিখ ৩০ অক্টোবৰ বুলি ঘোষণা কৰে । এতিয়া চূড়ান্ত সময়সীমা কাইলৈ অৰ্থাৎ ৩০ অক্টোবৰত উকলি যাব । এই সন্দৰ্ভত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে লকডাউনৰ বাবে পৰিবহণ খণ্ডটো নেতিবাচক প্ৰভাৱ পৰা বাবে কেন্দ্ৰীয় চৰকাৰে বকেয়া কৰ আদায়ৰ লগতে ম্যাদ উকলি যোৱা গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ , পঞ্জীয়ন পত্ৰ আৰু পথত চলাচল কৰাৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ চূড়ান্ত সময়সীমা ৩০ অক্টোবৰ বুলি ইতিপূৰ্বে বাতৰি কাকত , টেলিভিছনকে ধৰি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে । এই ঘোষণা অনুসৰি ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পাছত অৰ্থাৎ লকডাউন ঘোষণা কৰাৰ পাছত কৰ আদায় দিবলৈ থকা বাহনৰ গৰাকী সকলোকহে এই ৰেহাইৰ আওতাৰ ভিতৰত সামৰি লোৱা হৈছিল । ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ আগৰ বকেয়া কৰ আদায় দিবলৈ থকা সকলোক এই ৰেহাইৰ ভিতৰত সামৰি লোৱা হোৱা নাছিল । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৩০ অক্টোবৰৰ ভিতৰত যিসকল যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিব তেওঁলোকৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ পাছত বিশেষ অভিযান আৰম্ভ কৰা হব । অভিযানত যিসকল বাহনৰ গৰাকীয়ে ৩০ অক্টোবৰৰ ভিতৰত বকেয়া কৰ আদায় দিয়া নাই তেওঁলোকৰ পৰা জৰিমনা আদায় কৰা হব । আনকি লকডাউনৰ নাম লৈ বছৰ বছৰ ধৰি অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকী সকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হব । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । ইফালে বিগত সময়চোৱাত বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা , অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে । যাৰ বাবে চলিত ২০২১ – ২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিগত ছয় মাহত অভিলেখ পৰিমাণৰ ১০২ কৌটি টকাতকৈও অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হয় । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য ।

You might also like