Your Voice, Our Strength

ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক (আইএচি) বিক্রান্ত প্রকল্পৰ বুজ লয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে।

আজিৰ খবৰ, কেৰেলা, ৩১ অক্টোবৰ: কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক (আইএচি) পৰিদৰ্শন কৰে আৰু সমগ্র প্রকল্পটোৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধীনত বিমান বাহকখন নির্মাণ কৰা হৈছে। এয়াৰক্ৰাষ্ট কেৰিয়াৰখনে ২০২১ চনৰ আগষ্টত সফলতাৰে ইয়াৰ প্রথম সাগৰীয় পৰীক্ষণ সম্পূর্ণ কৰিছিল আৰু বর্তমান সাগৰত ইয়াৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণ চলি আছে।

 

৭৬% তকৈও অধিক থলুৱা সমলৰ সৈতে, থলুৱা এয়াৰক্ৰাষ্ট কেৰিয়াৰ — বিক্ৰান্ত হৈছে ভাৰতৰদ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা এতিয়ালৈকে আটাইতকৈ ডাঙৰ আৰু শক্তিশালী যুঁজাৰু বাহন। এয়া আত্মবিশ্বাসী, উদিত আৰু আত্মনির্ভৰ ভাৰতৰ এক শক্তিশালী প্রতীক। ভাৰতে এতিয়া বিশ্বৰ মাত্র সাতখন ৰাষ্ট্রৰ ভিতৰত অন্যতম হিচাপে অন্তর্ভুক্ত হৈছে, যাৰ বিমান বাহকৰ ডিজাইন আৰু নিৰ্মাণৰ নিজস্ব ক্ষমতা, সামর্থ্য আৰু দক্ষতা আছে।কোচিন শ্বিপয়ার্ড লিমিটেড সদায় ভাৰতীয় নৌ সেনাবাহিনীৰ এয়াৰক্ৰাষ্ট কেৰিয়াৰৰ সৈতে ওতপ্রােতভাৱে জড়িত যিয়ে নিয়মীয়াকৈ নৌসেনাৰ এয়াৰক্ৰাষ্ট কেৰিয়াৰৰ মেৰামতিৰ কাম কৰি আহিছে। কোচিন শ্বিপয়আর্ড লিমিটেডৰ থলুৱা বিমান বাহক প্রকল্পই দেশখনত সামুদ্রিক ঔদ্যোগিক আৰু উৎপাদনমুখী পৰিৱেশ গঢ় দিয়াত উৎসাহিত কৰিছে।

P&C

এই প্রকল্পটোৱে সমগ্র দেশৰ বিভিন্ন কোম্পানীৰ ২০০০ ৰাে অধিক চিএছএল কর্মচাৰী আৰু ১২,০০০ ৰাে অধিক কর্মচাৰীৰ বাবে নিযুক্তি সৃষ্টি কৰিছে। ‘মেক ইন ইণ্ডিয়া’ৰ এয়া এক উজ্জ্বল উদাহৰণ।

 

এই পৰিদর্শনকালত সর্বানন্দ সােণােৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সচিব ড° সঞ্জীৱ ৰঞ্জন, কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মধু এছ নায়াৰ প্ৰমুখ্যে মন্ত্রালয়টোৰ লগতে লিমিটেৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল। তদুপৰি ভাৰতীয়

নৌসেনাৰ ফালৰ পৰা নৌ সেনাপ্রধান এডমিৰেল কৰমবীৰ সিং, ভাইচ এডমিৰেল এ কে চাওলা এফঅ’চিআইএনচি দক্ষিণ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলাে উপস্থিত আছিল।

এয়াৰক্ৰাষ্ট কেৰিয়াৰত থকা জাহাজখনৰ কৰ্মচাৰী আৰু লিমিটেডৰ কৰ্মচাৰীসকলক সম্বােধন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এতিয়ালৈকে তেওঁলােকে সম্পূর্ণ কৰা সকলাে কামৰ ভূয়সী প্রশংসা কৰে আৰু

২০২২ চনৰ এপ্রিলত এয়াৰক্ৰাষ্ট কেৰিয়াৰখনৰ সময়মতে চলাচলৰ ক্ষেত্ৰত তেওঁলােকক আগতীয়াকৈ শুভকামনা জনায়। ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বার্ষিকী – ‘আজাদী কা অমৃত মহােৎসৱ’ উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ প্ৰথমখন থলুৱা বিমান বাহক- বিক্ৰান্তৰ সফলতা কামনা কৰা।

You might also like