Your Voice, Our Strength

আইন উলংঘাকাৰী দুচকীয়া , চাৰিচকীয়া বাহন , বৰ্দ্ধিত ভাড়া আদায় কৰা চিটিবাছ , মেজিকৰ বিৰুদ্ধে ধাৰাপুৰ চাৰিআলি , মিৰ্জাত পৰিবহণ বিভাগৰ অভিযান।

আজিৰ খবৰ, গুৱাহাটী, ২৮ নৱেম্বৰ : কামৰূপ মহানগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ পল্লব গোপাল ঝাই গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ লগতে হেলমেট পৰিধান নকৰা দুচকীয়া আৰু ছিটবেল্ট ব্যৱহাৰ নকৰা চাৰিচকীয়া বাহন চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিষয়াক ( প্ৰৱৰ্তক ) নিৰ্দেশ দিছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলি আৰু দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এক আকস্মিক অভিযান চলায় । অভিযান কালত যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া আদায় লোৱা কেবাখনো চিটিবাছ আৰু মেজিক ধৰা পেলোৱা হয় । তেনেদৰে দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰা আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা বহু কেইটা ঘটনা ধৰা পেলোৱা হয় । এই সন্দৰ্ভত ১১২ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবৰ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰা , চাৰিচকীয়া বাহনৰ চালক – আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা সকলৰ বিৰুদ্ধে এই অভিযান চলি থাকিব ।

You might also like