Your Voice, Our Strength

বৰাগাঁওৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰা আৰু দীপৰ বিলৰ পানী প্ৰদূষিত কৰা কার্যৰ বিৰুদ্ধে পামহীত বৃহৎ প্ৰতিবাদী সমদল , ৰাজহুৱা ধৰ্ণা।।

আজিৰ খবৰ, গুৱাহাটী , ৫ ডিচেম্বৰ : দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) প্ৰায় চাৰিমাহ পূৰ্বে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ ১৬ খন গাওঁৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিগত সময়চোৱাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল , গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাসীশ শৰ্মাই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিব বুলি কেইবাবাৰো আশ্বাস দিছিল যদিও সেই আশ্বাস কাৰ্যকৰী নোহোৱাত দীপৰ বিলৰ পানী প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিবেশ দূষিত হৈ পৰিছে । যাৰ বাবে চৰকাৰ , পৌৰ নিগমৰ বিৰুদ্ধে দীপৰ বিলৰ কাষৰীয়া পামহী কাৰ্বিপাৰা ৰাইজৰ উদ্যোগত আজি এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এঘণ্টাযোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । দুপৰীয়া বাৰ বজাত পুৰুষ – মহিলা , ছাত্ৰ – ছাত্ৰীকে ধৰি তিনি শতাধিক লোক প্রথমতে পামহীৰ ঐতিহাসিক শ্ৰী শ্ৰীভীমাশংকৰ মন্দিৰৰ সমীপৰ বাকৰিত মিলিত হয় । তাৰ পাছত পামহী কাৰ্বিপাৰা ৰাইজৰ সভাপতি সনেশ টেৰণ আৰু সাধাৰণ সম্পাদক হেনৰি ডেভিড টেৰণৰ নেতৃত্বত উপস্থিত সকলোৱে হাতে হাতে প্লে – কাৰ্ড , বেনাৰ লৈ প্ৰায় দুই কিঃমিঃ নিলগৰ মইনাখোৰোংস্থিত পদ্মৰাম ভৰালী খেলপথাৰলৈ সমদল এক প্ৰতিবাদী সমদল উলিয়াই । সমদলত ভাগ লোৱা সকলোৱে পশ্চিম বৰাগাঁওত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰক , দীপৰ বিল সংযোগী পামহী কেনেলত গুৱাহাটীৰ প্ৰদূষিত পানী পেলোৱা কার্য বন্ধ কৰক , দীপৰ বিলৰ পৰিবেশ সংৰক্ষণ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনহাতে খেলপথাৰৰ সন্মুখত হোৱা এঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীত কৃষক নেতাদ্বয় দীনেশ দাস আৰু জেহেৰুল ইছলাম , পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই , কাৰ্যকৰী সভাপতি সুশীল টেৰণ , উপ সভাপতিদ্বয় উৎপল কুমাৰ দাস আৰু ভূমিধৰ দাস , সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাকে ধৰি কেবাজনেও ভাগ লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণৰ নিৰ্দেশ উলংঘা কৰি পুনৰ দীপৰ বিলৰ দাঁতিত চৰকাৰ – পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি বিশ্ববিখ্যাত বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে । কেবাজনো বক্তাই এইক্ষেত্ৰত স্থানীয় বিধায়ক হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে যিধৰণৰ তৎপৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বেগ প্ৰকাশ কৰে । ধৰ্ণা কাৰ্যসূচী আৰু প্ৰতিবাদী সমদলত চকৰদৌ , দেউচতাল , পামহী , কাৰ্বিপাৰা , ধলবামা , মইনাখোৰোং , গড়চুক , পশ্চিম বৰাগাঁও , পূৱ বৰাগাঁও , মাঘুৱাপাৰা , মিকিৰপাৰা আদি অঞ্চলৰ ছাত্ৰ – ছাত্ৰী , পুৰুষ – মহিলাকে ধৰি তিনি শতাধিক লোক উপস্থিত থাকে । ইফালে ধৰ্ণা কাৰ্যসূচীত ভাগ লোৱা সকলোৱে পৌৰ নিগম , চৰকাৰে যদি অতি শীঘ্ৰে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ নকৰে তেন্তে আগন্তক দিনত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ।

You might also like