Your Voice, Our Strength

গুৱাহাটী প্ৰেছ ক্লাৱত বাসনা সাহিত্য গোষ্ঠীৰ বঁটা প্ৰদান-গ্ৰন্থ উন্মোচন।

আজিৰ খবৰ, গুৱাহাটী, ৯ ডিচেম্বৰ : বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷গোষ্ঠীৰ সভাপতি তথা সাংবাদিক নিপজ্যোতি মেধিয়ে আঁত ধৰা সভাত কবি,লেখিকা ৰুণু দেৱী শৰ্মাৰ ইংৰাজীলৈ অনুবাদ কৰা ’ৱমেন এড’ৰেদ’ নামৰ কাব্য গ্ৰন্থখনি বহু ভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্তই উন্মোচন কৰে৷আন এখন কাব্যগ্ৰন্থ কবি,লেখিকা চিত্ৰা বৰ্মনৰ ’পহিলা মাঘৰ কুঁৱলী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিজু হাজৰিকাই৷সভাত সাহিত্যিক ড° ডালিমী কোঁৱৰ,ৰত্নেশ্বৰ বসুমতাৰী,ডা° অঞ্জনজ্যোতি চৌধুৰী,ডা° ৰুবী কটকী,ৰোনাল্ডো টাইড উপস্হিত থাকে৷এই সভাতে সদৌ অসম ভিত্তিত আয়োজিত পাঞ্জাবাৰী নিবাসী,সমাজসেৱক প্ৰয়াত দিবাকৰ শৰ্মা সোঁৱৰণী কবিতা প্ৰতিযোগিতাৰ ১৪ জন নিৰ্বাচিত প্ৰতিযোগীক পুৰস্কাৰ প্ৰদানৰ লগতে শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ সেৱা, সমাজসেৱা আদিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ বাবে প্ৰশান্ত তালুকদাৰ,ড° ডালিমী কোঁৱৰ,কিৰণ বৰা, কিৰণ দাস, শ্ৰীধৰ ডেকা, গোবিন্দ কলিতা, ইৰাৱতী দাস মালী, সজিতা বৈশ্য, মনপ্ৰভা হাজৰিকা, জিতু দত্ত, নিৰ্মলা শৰ্মা, ৰীতামণি বৰদলৈ, দেৱী প্ৰসাদ অধিকাৰী, অতুল কুমাৰ বৰ্মন, বিৰজা হাজৰিকা, মালবিকা ভাগৱতী, ৰুণু দেৱী শৰ্মা, উষা দেৱী, কৃষ ৰাজবংশী, কেশৱ বৰাক ’সুন্দৰ সাধনা’ বঁটা প্ৰদান কৰা হয়৷

You might also like