Your Voice, Our Strength

নাৰেংগীত গণৰাজ্য দিৱসৰ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ বাছনি শিবিৰ পৰিদৰ্শন এ ডি জি , মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ।

আজিৰ খবৰ, গুৱাহাটী , ৯ ডিচেম্বৰ : ৰাজধানী নতুন দিল্লীত ২০২২ বর্ষত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লোৱাৰ বাবে ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) ১৭ টা মণ্ডল সঞ্চালকালয়ৰ কেডেট সকলৰ বাছনি শিবিৰ সমূহ প্ৰতিটো সঞ্চালকালয়ত ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা চলি আছে । ইয়াৰ লগত সংগতি ৰাখি এন চি চিৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ বাছনি শিবিৰ গুৱাহাটী গ্রুপৰ অধীনত নাৰেংগী সেনা শিবিৰ চৌহদত ৩ ডিচেম্বৰৰ পৰা চলি আছে । দুসপ্তাহযোৰা শিবিৰত উত্তৰ পূব মণ্ডলৰ অধীনৰ সাতখন ৰাজ্যৰ তিনিওটা শাখা ক্ৰমে স্থল , নৌ আৰু বায়ু সেনাৰ নিৰ্বাচিত ৬৩ জন কেডেটে ভাগ লৈছে । এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ , ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰৰ তত্বাৱধানত চলি থকা শিবিৰত কেডেট সকলক দৈনিক শাৰীৰিক ব্যায়াম , দৌৰ , পেৰেড , ক্ৰীড়া , যোগ , বন্দুক চালনা তথা ফায়াৰিং , এৰো মডেলিং , অগ্নি নিৰ্বাপন , প্ৰাথমিক চিকিৎসা আদিৰ প্ৰশিক্ষণ প্ৰদানৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ অনুশীলন কৰি অহা হৈছে । আনহাতে আজি শিবিৰ পৰিদৰ্শন কৰে এন চি চিৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । শিবিৰত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক কেম্প কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে আদৰণি জনোৱাৰ পাছত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে কলিতাই । তাৰ পাছত কেডেট সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । জেনেৰেল কলিতাই কেডেট সকলক উদ্দেশ্যি মূল্যবান ভাষণ দিয়াৰ লগতে অনাগত দিনত দেশৰ সামৰিক – অৰ্দ্ধ সামৰিক বাহিনীত যোগ দি দেশমাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায় । আনহাতে বিশিষ্টা কৰিঅ’গ্ৰাফাৰ প্ৰনামী ভাগৱতীৰ নেতৃত্বত কেডেট সকলে পৰিবেশন কৰা বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে । ইয়াৰ উপৰিও কেডেট সকলৰ সৈতে কলিতাই একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত কেডেটৰ দলটো ৰেলযোগে নতুন দিল্লীলৈ ৰাওনা হব আৰু ২০২২ চনৰ ২৯ বা ৩০ জানুৱাৰীলৈ গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীৰ সামৰণিলৈ তাত থাকিব । উত্তৰ পূব মণ্ডলৰ কেডেটৰ দলটোক নেতৃত্ব দিব এন চি চিৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অনিল কুমাৰে । নতুন দিল্লীত যাবলগীয়া দলটোত দুখন শিক্ষানুষ্ঠানৰ দুজন সহযোগী এন চি চি বিষয়াও থাকিব ।

You might also like