Your Voice, Our Strength

বৰঝাৰৰ ভাৰতীয় বায়ু সেনা ঘাটিত স্বৰণিম বিজয় দিৱস উদযাপন।

আজিৰ খবৰ, গুৱাহাটী , ১৮ ডিচেম্বৰ : ১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ উদ্যোগত গুৱাহাটীৰ বৰঝাৰস্থিত বায়ু সেনা ঘাটিত ১৭ ডিচেম্বৰত দিনযোৰাকৈ স্বৰণিম বিজয় দিৱস উদযাপন কৰা হয় । আনহাতে বিজয় দিৱসৰ লগত সংগতি ৰাখি ” ১৯৭১ চনৰ যুদ্ধত ভাৰতীয় বায়ু সেনাৰ ভূমিকা ” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্চেল ডি কে পাটনায়ক , বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত কেবাজনো উচ্চপদস্থ বিষয়া ক্ৰমে – এয়াৰ মাৰ্চেল পি কে বৰবৰা , কে চি কেৰিয়াপ্পা আৰু অজিত ভাৱানী , এয়াৰ কমড’ৰ কে বি মেনন আৰু এছ এছ ত্যাগী , গ্রুপ কেপ্তেইন হেমন্ত চৰদেসাই আৰু পি এম ভালেনকাৰ , উইং কমাণ্ডাৰ ক্ৰমে – জে ভট্টাচাৰ্য , প্ৰবীৰ কুমাৰ বাসু , জে ভৌমিক , পি এল পাৰ্লিকাৰ , ভি কে বাসুদেৱা , আৰ কে দেৱান , দেৱ কে ঘোষ , এছ এছ কৃষ্ণমূৰ্তি আৰু ডি জে এছ ক্লেৰকে ধৰি কেবাজনো বিষয়া , তেওঁলোকৰ পৰিয়ালৰ লোক উপস্থিত থাকে ।

You might also like