Your Voice, Our Strength

গড়ভঙা বনাঞ্চলত ট্ৰেকিং কাৰ্যসূচীত পৰ্যটন মন্ত্ৰী বিমল বৰা।

জলপ্ৰপাতসহ উপভোগ কৰিলে প্ৰাকৃতিক সৌন্দৰ্য।

আজিৰ খবৰ, গুৱাহাটী, ২০ ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী অসম – মেঘালয় সীমান্তৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আজি এক ট্ৰেকিং কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বশিষ্ট মন্দিৰৰ সমীপৰ পৰা গড়ভঙা বনাঞ্চললৈ পতাকা জোকাৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰ্যটন , ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত মন্ত্ৰী বিমল বড়াই কয় গড়ভঙা বনাঞ্চলৰ যি মনোমোহা সৌন্দৰ্য সেয়া তুলনাবিহীন আৰু ই যিকোনো লোকক সহজতে আকৰ্ষিত কৰিব পাৰে । গতিকে ইয়াত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী বড়াই সদৰি কৰে । আনহাতে ট্ৰেকিং কাৰ্যসূচীত মন্ত্ৰীৰ উপৰিও পৰ্যটন বিভাগৰ সঞ্চালক মধুমিতা ভাগৱতী , ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি দুয়োটা বিভাগৰ কেবাজনো বিষয়া – কৰ্মচাৰী , কেবাজনো ক্ৰীড়াপ্ৰেমী লোকে ভাগ লয় । আনহাতে দু ঘণ্টাৰো অধিক সময় লগা ট্ৰেকিং কাৰ্যসূচীত দলটোৱে গড়ভঙা বনাঞ্চলৰ গাতে লগা মেঘালয়ৰ ৰি-ভয় জিলাৰ এটা মনোমোহা জলপ্ৰপাত পৰিদৰ্শন কৰে ।

P&C
You might also like