
লকডাউনৰ পাছত বিগত ২১ মাহত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত প্ৰায় ৩১ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি অভিলেখ গঢ়িলে অমৃত ভোগ ভাণ্ডাৰে।
আজিৰ খবৰ, গুৱাহাটী , ২১ ডিচেম্বৰ : ৰাজ্যৰ অগ্ৰণী চেৰিটেবুল ট্ৰাষ্ট হিচাপে পৰিচিত “অমৃত ভোগ ভাণ্ডাৰা”ই মহামাৰী সদৃশ ক’ভিড – ১৯ প্ৰতিৰোধৰ বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি ঘোষণা কৰাৰ পাছত বিগত ২১ টা মাহত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আজি পৰ্যন্ত প্ৰায় ৩১ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগছন্দ জৈনে জানিবলৈ দিয়া মতে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত শ্ৰমিক , সাধাৰণ ৰাইজ আৰু খাটি খোৱা লোকসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল । বিশেষকৈ কৰ্মসংস্থাপন হেৰুৱাই হাজাৰ হাজাৰ লোক ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন ঘোষণাৰ চাৰিদিন পাছত ২৮ মাৰ্চৰ পৰা জিলা প্ৰশাসন আৰু চৰকাৰৰ অনুমতি সাপেক্ষে গুৱাহাটীৰ ফটাশিলৰ সমীপৰ হাৰিয়ানা ভৱনত শিবিৰ স্থাপন কৰি অঘৰী , সৰ্বহাৰা , ভিক্ষাৰী , কৰ্ম সংস্থাপন হেৰুৱাই নিবনুৱা হোৱা লোক সকলক খাদ্য বা আহাৰ যোগানৰ কাম আৰম্ভ কৰে । আনকি বিগত ২০২০ আৰু চলিত ২০২১ বর্ষত লকডাউন বা দিনতে সান্ধ্য আইন চলি থকা সময়ত দৈনিক প্ৰায় ২০ হাজাৰৰো অধিক লোকক দিনে নিশাই আহাৰ যোগান ধৰিছিল । এই কাৰ্যত সহযোগিতা আগবঢ়াইছিল হাৰিয়ানা চেৰিটেবুল ট্ৰাষ্ট , বিভিন্ন শুভাকাংখী লোকে সহযোগিতা আগবঢ়াইছিল । সেই কাৰ্যত সকলো ধৰণৰ সহায় সহযোগ কৰিছিল এন ডি আৰ এফ , চি আৰ পি এফ , বি এছ এফ , ভাৰতীয় সেনাই । আনকি লকডাউন শেষ হোৱাৰ পাছতো বৰ্তমান অমৃত ভোগ ভাণ্ডাৰাই নিয়মীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দিনে নিশাই প্ৰায় ৮০০ জনক , আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিশাৰ ভাগত প্ৰায় ২০০ জন ৰোগীক আহাৰ যোগান ধৰি আহিছে । সমান্তৰালভাৱে ভূতনাথ , পাণবজাৰ , ফটাশিল , আঠগাঁও , ফাঁচীবজাৰ আদিত প্ৰায় ডেৰ হাজাৰ পদপথত বাস কৰা লোক , অঘৰী লোক , ভিক্ষাৰী আদিক দিনৰ উপৰিও নিশাৰ ভাগটো আহাৰ যোগান ধৰি ক্ষুধা নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । সমান্তৰালভাৱে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ , কমলপুৰ , ছয়গাঁও , চন্দ্ৰপুৰ আদি অঞ্চলটো কেবা হাজাৰ লোকক আহাৰ যোগান ধৰিছে । এই সকলো কাৰ্যত বিভিন্ন শুভাকাংখী লোক , অনুষ্ঠান –প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াই অহা বুলি ভাগছন্দ জৈনে সদৰি কৰি দৈনিক প্ৰায় ১০ ৰ পৰা ১২ জন ৰান্ধনীয়ে হাৰিয়ানা ভৱনত আহাৰ প্ৰস্তুত কৰা বুলি ব্যক্ত কৰিছে ।
