দেশত প্ৰতিবছৰে প্ৰায় ডেৰ লাখ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় : প্ৰায় ৫ লাখৰো অধিক লোকে পংগুত্বৰ জীৱন কটাব লগীয়া হয়।
অসমত ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ ৬০৫৬ টা পথ : দুৰ্ঘটনা সংঘটিত হয় আৰু ২৪৪৬ জন লোকৰ মৃত্যু হয়।
আজিৰ খবৰ, গুৱাহাটী ,২১ ডিচেম্বৰ: দেশত প্ৰতিবছৰে প্ৰায় ডেৰ লাখ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। পথ দুৰ্ঘটনাৰ বাবে প্ৰায় ৫ লাখৰো অধিক লোকে পংগুত্বৰ জীৱন কটাব লগীয়া হয়-এইদৰে কয় ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পোৱা পথ দুৰ্ঘটনা সম্পৰ্কত ২০ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘২০১৯ চনত অসমত মুঠ ৮৩৫০ টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ৩২০৭ জন লোকৰ মৃত্যু হয়। ২০২০ চনত ৬৫৯৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ২৬২৯ জন লোকৰ মৃত্যু হয়। অসমত ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ ৬০৫৬ টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ২৪৪৬ জন লোকৰ মৃত্যু হয়। আনহাতে কামৰূপ মহানগৰত ২০১৯ চনত ৯২৯ টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ২৪৮ জন লোকৰ মৃত্যু হয়। ২০২০ চনত ৬৯৯ টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ২১৫ জন লোকৰ মৃত্যু হয়। আনহাতে ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ কামৰূপ মহানগৰত ৬২১ টা পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ১৯৪ জন লোকৰ মৃত্যু হয়। তদুপৰি ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ অৰ্থ্যাৎ বিগত ১১ টা মাহত কেৱল গুৱাহাটী মহানগৰীতে ২০০ ৰো অধিক লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। আনহাতে দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা বাবে ৪৮ শতাংশ পথ দুৰ্ঘটনা সংঘটিত হয়। আগন্তক ৩১ ডিচেম্বৰত যাতে এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় আৰু কোনেও যাতে মৃত্যু মুখত নপৰে তাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমাৰ কৰ্তব্য পালন কৰি আছোঁ। সুৰাপান কৰি যান বাহন নচলাবলৈ আমি সকলোকে আহ্বান জনালোঁ। লগতে ঘন কুঁৱলীৰ সময়ত নিশাৰ ভাগত প্ৰয়োজন নহলে যান বাহন চলোৱাৰ পৰা বিৰত থকাই উচিত।
মানুহৰ জীৱনৰ নিৰাপত্তাৰ বাবে আমি অহৰহ কাম কৰি আছোঁ। আমাৰ মূল উদ্দেশ্য হ’ল ব্যাপক জনসচেতনা বৃদ্ধি কৰা। মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলোৱে আমাক সহযোগ কৰা উচিত। সকলোৱে মনত ৰখা উচিত ‘তীব্ৰগতি স্বৰ্গগতি’ সেয়েহে যান বাহন চলাওঁতে যান বাহন আইন মানি চলাওঁক। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰক। হেলমেট পৰিধান কৰি দুচকীয়া বাহন চালওঁক। বনভোজ খাবলৈ গলেও গাড়ীৰ চালকে যাতে সুৰা সেৱন কৰি গাড়ী নচলায় তাৰ প্ৰতি সকলোকে গুৰুত্ব দিয়ক।আমি পথ দুৰ্ঘটনাত নৱপ্ৰজন্মক হেৰুৱাব নিবিচাৰোঁ।’