Your Voice, Our Strength

যোৰহাটৰ ‘সেৱা'(SEWA) সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি বিবেক বৰাক “The Best Grass Root Model” (Category: Social Entrepreneurship) বঁটা প্ৰদান।

আজিৰ খবৰ, গুৱাহাটী, ২৩ ডিচেম্বৰ : যোৰহাটৰ ‘সেৱা'(SEWA) সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি বিবেক বৰাক “The Best Grass Root Model” (Category: Social Entrepreneurship) বঁটা প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ এম.ও.ই.এছ.(MOES) ৰ যুটীয়া সচিব ইন্দিৰা মূৰ্তি, Ministry of Earth sciencesৰ সচিব ড. ৰবিচন্দ্ৰন, এন পি ৰাজীৱ, ED, Vibha Vani India, চি.এছ.আই.আৰ.-নিৰি (CSIR-NEERI) আৰু ডি.এছ.টি.-চি.ই.ডি.(DST-SEED) ৰ ইন্দু পুৰীৰ সঞ্চালক ড. অতুল নাৰায়ণ বৈদ্যৰ উপস্থিতিত এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। 11-13 ডিচেম্বৰ 2021 তাৰিখে গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সামাজিক সাংগঠনিক আৰু প্ৰতিষ্ঠানগত সভাখনৰ(NSIOM) সামৰণি অনুষ্ঠানত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হয়।

 

সেৱা হৈছে এক বেচৰকাৰী সংগঠন।

P&C

ই হৈছে দৰিদ্ৰ, দুৰ্বল আৰু প্ৰতিজন উদ্যমী ভাৰতীয়ৰ সংগঠন যি নিজৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁলোকৰ ডাঙৰ সপোনক বাস্তৱলৈ পৰিৱৰ্তন কৰিবলৈ কাম কৰাত সহায় কৰে। প্ৰতিষ্ঠাপক সভাপতি বিবেক বৰাই কয়, সমাজৰ সেৱা কৰাটো সদায় মোৰ সপোন আছিল আৰু যেতিয়া আমি আজিৰ পৰা সাত বছৰ আগতে সংগঠনটো আৰম্ভ কৰিছিলো আমি আমাৰ স্থানীয় লোকসকলৰ বিকাশত লাগি থাকিবলৈ নিজকে প্ৰতিশ্ৰুতি দিছিলো। তেওঁ লগতে কয়, “এনে ধৰণৰ বিশেষ সন্মানৰ বাবে মই ‘IISF-NSOIM’ৰ ওচৰত অত্যন্ত কৃতজ্ঞ, যি আমাক অধিক বিকাশ আৰু এনে মহৎ উদ্দেশ্যৰ বাবে সমাজৰ সেৱা কৰাত সহায় কৰে”। আমি প্ৰতিটো সাম্ভাব্য খণ্ডত আমাৰ অৱদান আৰু দায়বদ্ধতা প্ৰদান কৰা আৰম্ভ কৰিছো আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যেনে কৃষিৰ আগতীয়া কৌশলৰ ওপৰত দক্ষতা বিকাশ কাৰ্যসূচী, বিভিন্ন উদ্যোগমুখী প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে আৰ্থসামাজিক বিকাশ, সামাজিক সুৰক্ষা, শৈক্ষিক বা সাংস্কৃতিক, গৱেষণা আৰু বিকাশ আৰু আমাৰ ভৱিষ্যতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সুৰক্ষিত পৰিৱেশ বিকাশৰ জৰিয়তে সমাজৰ দৰিদ্ৰ বা দুৰ্বল শ্ৰেণীৰ জীৱন শক্তিশালী কৰা।

You might also like