Your Voice, Our Strength

বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি মুক্ত কৰাৰ লক্ষ্য।

খানামুখত ক্ৰীড়া বিভাগে নিৰ্মাণ কৰিব চুইমিং পুল : চক্ৰ বিষয়া , লাট মণ্ডল , ক্ৰীড়া বিষয়াক লৈ চৰজমিন ভূমি পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

আজিৰ খবৰ, গুৱাহাটী , ৩১ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো প্ৰশাসনে মূল্যবান চৰকাৰী ভূমি সমূহ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰি সেই ভূমিত ষ্টেডিয়ামকে ধৰি নতুন ক্ৰীড়া প্ৰকল্প নিৰ্মাণ , চৰকাৰী বা ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানক সেই ভূমি আবন্টন দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চলৰ আৰু গুৱাহাটী ৰাজহ চক্ৰৰ জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰী ৰাজহ গাওঁৰ অন্তৰ্গত খানামুখ চেকগেটস্থিত ৰূপকোঁৱৰ হাউছিং কম্পলেক্সৰ গাতে লগা ৯০৩ নম্বৰ দাগৰ প্ৰায় মূল্যবান চাৰে পাঁচ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে পাঁচ বিঘাত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে প্ৰায় ১০ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব এটা অত্যাধুনিক চুইমিং পুল । আনহাতে ২৯ ডিচেম্বৰৰ বিয়লি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰস্তাৱিত চুইমিং পুলৰ স্থান চৰজমিন পৰিদৰ্শন কৰে । বিধায়কক সংগ দিয়ে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰী , লাট মণ্ডল নব মালাকাৰ , কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱ ডেকা , অগপ নেতা ক্ৰমে – সুভাষ শৰ্মা , পৰেশ বৰুৱা , ৰঞ্জন পাটোৱাৰী আৰু ৰুবুল বৈশ্য , পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতা , প্ৰচাৰ সম্পাদক জোন ৰাভা , ৰূপকোঁৱৰ হাউছিং কম্পলেক্সৰ কৰ্মকর্তা ক্ৰমে অধ্যাপক ৰঞ্জিত দাস , নৃপেন্দ্ৰ ভট্টাচাৰ্য , অমিয় কলিতা , এনাজৰী মহিলা সমিতিৰ তৰালী পাঠক , ৰঞ্জু ভট্টাচাৰ্য , দুলুমনি নেওগকে ধৰি কেবাজনো । আনহাতে বিধায়ক কলিতাই ৯০৩ নম্বৰ দাগকে ধৰি ওচৰে পাজৰে থকা কোনো চৰকাৰী ভূমি যাতে বেদখলৰ কৱলত নপৰে তাৰ ওপৰত চকু ৰাখিবলৈ চক্ৰ বিষয়া আৰু লাট মণ্ডলক আহ্বান জনায় আৰু মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি ক্ৰীড়াৰ উত্তৰণৰ বাবে চাৰে পাঁচ বিঘা ভূমিৰ পাঁচ বিঘাত চুইমিং পুল নিৰ্মাণ কৰাৰ পাছত ৰৈ যোৱা ভূমিখিনী এনাজৰী মহিলা সমিতিকে ধৰি খানামুখ অঞ্চলৰ ৰাইজৰ ব্যৱহাৰৰ বাবে ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানক ভূমি উপদেষ্টা কমিটিৰ জৰিয়তে আবন্টন দিয়া হব বুলি সদৰি কৰে । তেনেদৰে যিখিনী চৰকাৰী ভূমি বেদখলৰ কৱলত পৰিছে তাত শীঘ্ৰে উচ্ছেদ অভিযান চলাই মুক্ত কৰিবলৈ বিধায়ক কলিতাই চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে । ইফালে বিধায়ক গৰাকীয়ে চৰকাৰী ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰি তাত চুইমিং পুল নিৰ্মাণকে ধৰি ৰাজহুৱা অনুষ্ঠান – প্ৰতিষ্ঠানক আবন্টন দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যক ৰূপকোঁৱৰ হাউছিং কমলেক্স , খানামুখ যুৱ সমাজ , খানামুখ মিলন সংঘকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনে আদৰণি জনাইছে ।

You might also like