Your Voice, Our Strength

৩০ ডিচেম্বৰ ২০২১তাৰিখে পুৱা ৯.৩০ বজাৰ পৰা বিশিষ্ঠ নাট্যকাৰ শিল্পী, সাহিত্যিক ৰত্ন ওজা দেৱৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উৎযাপন।

আজিৰ খবৰ, গুৱাহাটী, ৩১ ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত কলাতীৰ্থৰ উদ্যোগত আৰু ৰত্ন ওজা ফাউণ্ডেশ্বনৰ সহযোগত আজি ৩০ ডিচেম্বৰ ২০২১তাৰিখে পুৱা ৯.৩০ বজাৰ পৰা বিশিষ্ঠ নাট্যকাৰ শিল্পী, সাহিত্যিক ৰত্ন ওজা দেৱৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে ৰত্ন ওজা সোঁৱৰণী বাটৰ নাট সমাৰোহৰ লগতে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। পতাকা উত্তোলন কাৰ্যসূচীত কিৰিপ চলিহা, হিৰণ্য বৰা, সদা গগৈ, ত্ৰিদিব শৰ্মা, কুমাৰ দীপক দাস, প্ৰেমা শৰ্মা, পল্লব ভট্টাচাৰ্য, ধ্ৰুৱ হাজৰিকা, মনীষা হাজৰিকা, মঞ্জুলা হাজৰিকা, গোপাল জালান, দেৱ বৰ্মন, কল্যাণ দে প্ৰমুখ্য কৰি কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকে। অনুষ্ঠানটোত ৫ খন নাট ক্ৰমে ককাইদেউ, গৰু চোৰ, আতংক, কৰুণা কৰিয়ো, ৰত্ন কাই পৰিৱেশন কৰা হয়।

 

স্মৃতিচৰণ সভাৰ আৰম্ভ হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে। উক্ত সভাত ‘সতীৰ্থ’ শীৰ্ষক স্মৰণিকা মুকলি কৰে ক্ৰমে স্বপ্নানীল বৰুৱা, ৱাছবীৰ হুছেইন, স্বৰ্ণ ওজাহ, আৰাতি শৰ্মা, অচ্যুত পাটোৱাৰীয়ে । অনুষ্ঠানটো অতি সুচাৰুৰূপে আঁতধৰি পৰিচালনা কৰে অৱনী চৌধুৰীয়ে।

 

P&C

একেদিনাতে একে সময়তে একেটা উদ্দেশ্যৰে ৰাজ্যৰ বিভিন্ন স্থানত পৰিৱেশন কৰা বাটৰ নাট সমূহ হ’ল-

তিনিচুকীয়া- নাট – ককাইদেউ

নাট্যকাৰ- অৰুণ শৰ্মা

পৰিচালনা- দায়মণ্ডা পাটোৱাৰী

পৰিৱেশনত- সূৰ্য্যমুখী নাট্যগোষ্ঠী

ডিব্ৰুগড়- নাট – ককাইদেউ

নাট্যকাৰ- অৰুণ শৰ্মা

পৰিচালনা- দায়মণ্ডা পাটোৱাৰী

পৰিৱেশনত- সূৰ্য্যমুখী নাট্যগোষ্ঠী

দুলীয়াজান- নাট – ককাইদেউ

নাট্যকাৰ- অৰুণ শৰ্মা

পৰিচালনা- দায়মণ্ডা পাটোৱাৰী

পৰিৱেশনত- সূৰ্য্যমুখী নাট্যগোষ্ঠী

ধেমাজি – নাট – বিষাক্ত পৃথিৱী

নাট্যকাৰ- ড০ জগদীশ পাটগিৰী

পৰিচালক- মৌচুমী বৰপাত্ৰ গোহাঁই

পৰিৱেশনত- থিয়েটাৰী ৰং থিয়েটাৰী ঢং নাট্যদল

 

 

 

তেজপুৰ- নাট – মৃত্যুদানৱ

নাট্যকাৰ- ড০ জগদীশ পাটগিৰী

পৰিচালক- হিমাংশু শৰ্মা

পৰিৱেশনত- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, পৰিৱেশ্য কলা বিভাগ

 

মংঙ্গলদৈ- নাট – সম্প্ৰীতি

ৰচনা ও পৰিচালনা- বিপুল চলিহা

পৰিৱেশনত- নৰ্থ ইষ্ট ড্ৰামা এণ্ড ডান্স একাডেমী, মংঙ্গলদৈ

 

বৰপেটা – নাট – নাখান্দাপৰীয়া ৰত্ন কাই

নাট্যকাৰ ও পৰিচালক- হৰেকৃষ্ণ দাস (দিপু)

পৰিৱেশনত- অসম নাট্য সন্মিলন, বৰপেটা শাখা

 

মালিগাঁও- নাট – মই ব্ৰজ শৰ্মাই কৈছো

নাট্যকাৰ- হৰেকৃষ্ণ দাস (দিপু)

পৰিচালক- হীতেশ শৰ্মা

পৰিৱেশনত- অসম নাট্য সন্মিলন, মালিগাঁও শাখা

You might also like