Your Voice, Our Strength

ৰীতা বৰুৱাক আন্তৰ্জাতিক সংগীত শিৰোমণি ” সন্মান প্ৰদান : জগদুৱাৰ সংগীত-নাট্য-কলা একাডেমীৰ সাফল্য।

আজিৰ খবৰ, গুৱাহাটী, ৩১ ডিচেম্বৰ : গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত 5th International and 9th national Instrumental, Yoga,Music,Dance and Drama Competition/Festival-ত যোৰহাট জিলাৰ টীয়ক জগদুৱাৰৰ বৃহত্তৰ জগদুৱাৰ অঞ্চলক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক কেন্দ্ৰ জগদুৱাৰ সংগীত-নাট্য-কলা একাডেমীয়ে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৮ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত বাদন, যোগ, সংগীত, নৃত্য আৰু নাটক প্ৰতযোগিতাত জগদুৱাৰ সংগীত-নাট্য-কলা একাডেমীৰ অধ্যক্ষা-সঞ্চালিকা ৰীতা বৰুৱাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন শাখাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । ধ্ৰুপদী কণ্ঠ সংগীতত ,মুকলি শাখাত ৰীতা বৰুৱাই সৰ্ব্বশ্ৰেষ্ঠ স্থান লাভ কৰাৰ লগতে ‘ ” আন্তৰ্জাতিক সংগীত শিৰোমণি ” সন্মান অৰ্জন কৰে।সত্ৰীয়া নৃত্যৰ উচ্চ শাখাত শিল্পীৰাণীয়ে প্ৰথম , নিম্ন শাখাত মল্লিকা বৰাই দ্বিতীয়স্থান লাভ কৰে । আধুনিক সৃষ্টিশীল নৃত্যৰ উচ্চ শাখাত শিল্পীৰাণী শইকীয়া আৰু অৰুপ ৰাজোৱাৰে প্ৰথম স্থান লাভ কৰাৰ লগতে নিম্ন শাখাত ক্ৰমে ডিপাঞ্জল ৰাজোৱাৰ, ৰক্তিম বৰা,প্ৰজ্ঞাশ্ৰী বৰুৱা,হৃদয় জ্যোতি বৰুৱা আৰু দৰ্শিতা কলিতাই দ্বিতীয় স্থান লাভ কৰে।লোকনৃত্য বিহু পৰিৱেশন কৰি প্ৰজ্ঞাশ্ৰী বৰুৱাই দ্বিতীয় স্থান লাভ কৰি বিদ্যালয় খনি আৰু অঞ্চলটিৰ সাংস্কৃতিক ক্ষেত্ৰখন উজ্বলাই তুলিবলৈ সক্ষম হয় ।

P&C
You might also like