Your Voice, Our Strength

খানামুখ ৰাজহুৱা নামঘৰত বাৰ্ষিক হোমাহুতি সম্পন্ন।

আজিৰ খবৰ, গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ শতবর্ষ গৰকা খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰ সমূহৰ দৰে এইবেলিও পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে ১৬ ফেব্ৰুৱাৰীত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোমাহুতি সম্পন্ন হৈ যায় । পুৱা ৮ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ৮.৩০ বজাত ধৰ্মধজ্জা উত্তোলন কৰে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাই । তাৰ পাছত বাৰে ৰহনীয়া সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচীৰে অঞ্চলটোত ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । তেনেদৰে পুৱা ১০ বজাৰ পৰা নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰীমহাবিষ্ণু পূজা আৰম্ভ কৰাৰ পাছত বিয়লি ২ বজাত শ্ৰী শ্ৰীমহাবিষ্ণুৰ হোমাহুতি সম্পন্ন হয় । আনহাতে হোমাহুতিৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , উদ্যোগী ব্যক্তি নন্দ কিশোৰ মহেশ্বৰী আৰু শেঠ গোবিন্দ ৰাম , মহকুমা কৃষি বিষয়া শৈলেন শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰে বাৰ্ষিক হোমাহুতিৰ সামৰণি মৰা হয় ।

You might also like