Your Voice, Our Strength

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অভিযানত জব্দ ৫০ হেজাৰ মুল্যৰ ট্ৰাকসহ চোৰাং কাঠ ।

আজিৰ খবৰ, গুৱাহাটী, ১৭ ফ্ৰেব্ৰুৱাৰী: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা গোপনে বৰ্তমানেও অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বৃহস্পতিবাৰে ৰাতিপুৱা গোপন সুত্ৰৰ পম খেদি পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ে অভিযান চলাই অসম-মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া নৰ্লীং স্থানৰ পৰা জব্দ কৰে চোৰাং অকাঠি গছৰ কুণ্ডাসহ এখন ট্ৰাক । ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ নিয়মীক পহৰাৰ দলে মেঘালয়ৰ পৰা অসমলৈ পাহাৰীয়া ৰাস্তাৰে আনি থকা অৱস্থাত প্ৰায় ৫০ হেজাৰ মুল্যৰ উক্ত চোৰাং কুণ্ডাকেইটা জব্দ কৰিবলৈ সক্ষম হয় যদিও সুযোগ বুজি দুৰ্বিত্তই পলাই যাৱলৈ সক্ষম হয় । লখৰা ৰেঞ্জৰ অন্তৰ্গত উক্ত স্থানৰ পৰা জব্দাকৃত কুণ্ডাসহ নম্বৰবিহীন ট্ৰাক খন পিছত ৰাণী বনাঞ্চলিক তহলদাৰী দলটোৱে ৰাণী বনাঞ্চলিক কাৰ্যলয়লৈ লৈ আহি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলায় । উল্লেখ্য যে প্ৰায়ে এনেদৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ে গোপন অভিযান চলাই চোৰাং কৈ সৰবৰাহ কৰা অবৈধ কাঠ , গছৰ কুণ্ডা জব্দ কৰি আহিছে । বন বিভাগৰ এই সফলতাক স্থানীয় ৰাইজে ভুয়সী প্ৰশংসা কৰিছে।

You might also like