Your Voice, Our Strength

গুৱাহাটীত অবৈধ পানীৰ বৰিঙৰ বিৰুদ্ধে কঠোৰ GMCH , অনুজ্ঞাপত্ৰবিহীন গৰাকীক জৰিমনা

আজিৰ খবৰ,গুৱাহাটী, ৪ মাৰ্চ : মহানগৰীৰ পাঠৰকোৱাৰীত শুক্ৰবাৰে GMC য়ে এক অভিযান চলাই অবৈধ পানী বৰিঙ জব্দ কৰাৰ লগতে গৰাকীক জৰিমনা বিহে । উল্লেখ্য যে যি সময়ত মহানগৰীৰ একাংশ লোকে পানীৰ বাবে হাহাকাৰ কৰি আছে তেনে সময়তে একাংশ লোকে পানীৰ ৰমৰমীয়া ব্যৱসায় চলাই কৰ ফাঁকি দি আহিছে ।
GMCH ৰ এটি দলে স্থানীয় ৰাইজৰ অভিযোগ ভিত্তিত আজি এজন অবৈধ পানী বিক্ৰী কৰি অহা লোকক ধৰা পেলাই বিহিত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হাতত লয় ।

GMC ৰ অনুজ্ঞাপত্ৰ অভিহনে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দি হাজৰুল হক নামৰ লোকজনে অবৈধ ভাৱে বৰিং কৰি চলাই আহিছিল পানীৰ ব্যৱসায়। গুৱাহাটী পৌৰনিগমে অবৈধ বৰিংটো ধৰা পেলাই জৰিমনা বীহাৰ লগতে বিহীত ব্যৱস্থা গ্ৰহণ কৰে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমে চলাইছিল এই অভিযান।ইতিমধ্যে মহানগৰীৰ বিভিন্ন অঞ্চলত থকা অবৈধ পানীৰ বৰিংৰ বিৰুদ্ধে এতিয়াৰ পৰা চলাব গুৱাহাটী পৌৰনিগমে এই অভিযান।

P&C
You might also like