Your Voice, Our Strength

অৰ্ধ সামৰিক বাহিনীত ভৰ্তিৰ বাবে ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত দুমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী।

আজিৰ খবৰ, গুৱাহাটী , ৫ মাৰ্চ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ দুখীয়া পৰিয়ালৰ উপযুক্ত অৰ্হতা থকা নিবনুৱা যুৱক যুৱতী সকলেও যাতে চি আৰ পি এফ , বি এছ এফ , চি আই এছ এফ , এছ এছ বি , আই টি বি পিকে ধৰি অৰ্ধ সামৰিক বাহিনীত ভৰ্ত্তি হৈ দেশ মাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ বাবে সময়ে সময়ে মুখ্য কাৰ্যালয় চৌহদত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । আনহাতে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত এনে ধৰণৰ দুমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ৪ মাৰ্চত সামৰণি পৰে । এই কাৰ্যসূচীত বৃহত্তৰ ৰাণী অঞ্চলৰ ৪০ জন দুখীয়া নিৰ্বাচিত যুৱক – যুৱতীয়ে ভাগ লৈছিল । আনহাতে দুমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন । ১৭৫ চি আৰ পি এফৰ কমাণ্ডেন্ট সুভাষ চন্দ্ৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ভাষণত অঞ্চলটোৰ যুৱক যুৱতী সকলৰ বাবে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বাবে বাহিনীটোৰ শলাগ লয় আৰু প্ৰশিক্ষণত ভাগ লোৱা যুৱক যুৱতী সকলক অৰ্ধ সামৰিক বাহিনীৰ আগন্তক বাছনি পৰীক্ষাত তেওঁলোক যাতে নিৰ্বাচিত হব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় , ১৭৫ চি আৰ পি এফৰ চেকেণ্ড – ইন – কমাণ্ড কে এল ধীমান , ডেপুটী কমাণ্ডেন্ট ৰবি কুমাৰ শ্ৰীবাস্তব , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে অনুষ্ঠানত প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা কেবাজনো যুৱক – যুৱতীয়ে প্ৰশিক্ষণ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে ।

P&C
You might also like