Your Voice, Our Strength

খানাপাৰা-যোৰাবাট-সোনাপুৰ-ক্ষেত্ৰীত ডেৰ শতাধিক বাহনত পৰিবহণ বিভাগৰ নিচিদ্ৰ তালাচী।

নথিপত্ৰৰ বিসংগতি আৰু কৰ পৰিশোধ নকৰাৰ অপৰাধত স্কুল বাছসহ কেইবাখনো বাহন জব্দ।

আজিৰ খবৰ, গুৱাহাটী, ৫ মাৰ্চ: নথিপত্ৰ নৱীকৰণ আৰু কৰ ফাঁকিৰে এতিয়া আৰু কোনোৱেই সাৰি যাব নোৱাৰে ৷ বিভাগৰ চকুত ধূলি দি সাৰি যাবলৈ চেষ্টা কৰা ইখনৰ পিছত সিখনকৈ বাহন আহি পৰিবহণ বিভাগৰ তালাচীত ধৰা দিছেহি ৷ ইয়াকে নহৈয়েবা হ’ব কি ! কিয়নো নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ নকৰা প্ৰতিখন বাহনৰ মালিক, উদ্যোগ প্ৰতিষ্ঠানৰে সম্পূৰ্ণ তথ্য মজুত আছে পৰিবহণ বিভাগত ৷ সেয়ে দিনকদিনে অধিক তৎপৰতাৰে তালাচীত নামিছে ৰাজ্যৰ পৰিবহণ বিভাগ ৷

P&C

শনিবাৰেও খানাপাৰা- যোৰাবাট-সোনাপুৰ আৰু ক্ষেত্ৰীত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ উপস্থিতিত নিচিদ্ৰ তালাচীত নামে মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল । যান-বাহন পৰিদৰ্শক দুৰ্গা গগৈ আৰু জয়সিং ৰংফাৰৰ উপস্থিতিত প্ৰৱৰ্তক পৰিদৰ্শক পিবি লামা আৰু তেওঁৰ সহযোগী দলৰ লগতে সিদ্ধেশ্বৰ ৰাহাং, ৰিংকু কলিতা, পংকজ বৰা আৰু নীলাক্ষি গোস্বামীৰ সক্ৰিয় সহযোগত চলোৱা নিচিদ্ৰ তালাচী অভিযানত দীৰ্ঘদিন ধৰি কৰ অনাদায়ৰ লগতে যানবাহনৰ নথিপত্ৰৰ গুৰুতৰ বিসংগতি ধৰা পৰাত স্কুল বাছসহ কেইবাখনো বাহন জব্দ কৰা হয় । বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকা, ফিটনেছ আৰু প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাৰ তথ্য ধৰা পৰাত দহখন বাহনৰ বিৰুদ্ধে ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয় ৷

 

ইফালে উল্লিখিত স্থানসমূহত তালাচী অভিযানৰ সমান্তৰালভাৱে বিভিন্ন বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ ৩৫খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰে বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায়ৰ বাবে সকীয়াই দিয়ে ৷

You might also like