
ইউক্ৰেইনত যুদ্ধ : ভিছা অবিহনে ভাৰতীয়ক কিয় পোলেণ্ডে আহিবলৈ দিছে ?
ভাৰতৰ লগত পোলেণ্ডেৰ কি আছে সম্পর্ক ? জানোক বুৰঞ্জীত পঢ়িবলৈ নোপোৱা এটা অধ্যায় ....
আজিৰ খবৰ, ৭ মাৰ্চ : আপুনি জানেনে আজি ইউক্ৰেইনৰ পৰা আহি থকা ভাৰতীয় সকলক পোলেণ্ডে কিয় ভিছা অবিহনে আহিবলৈ দি আছে? নে পোলেণ্ড আৰু গুজৰাটৰ জাম নগৰৰ মাজত কিবা সম্বন্ধ আছে ? হয়তো আপুনি আচৰিত হৈ পৰিব। আপুনি জানেনে পোলেণ্ডৰ সংসদত আজিও গুজৰাটৰ মহাৰাজা জজেজাৰ নামত শপত গ্ৰহণ হয়?

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ড সম্পূৰ্ণ ৰূপে ধ্বংস হৈ গৈছিল, মাত্ৰ মহিলা আৰু শিশুক বাদকৰি সমস্ত পুৰুষে যুদ্ধত প্ৰাণ হেৰুৱাইছিল। তেতিয়া স্বামী আৰু পিতৃৰ মৃত্যুত দিশহাৰা হৈ পৰা মহিলা, শিশু আৰু গাভৰু সকলে পোলেণ্ড ত্যাগ কৰি নিজৰ জীৱন আৰু সতীত্ব ৰক্ষাৰ্থে এখন জাহাজত উঠি আশ্ৰয়ৰ বাবে আন দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। কিন্তু কোনো এখন দেশেও তেওঁলোকক আশ্ৰয় দিবলৈ মান্তি নহ’ল। তাৰ পিছত ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰে আৰু গুজৰাটৰ সমূদ্ৰ তীৰৰ জাম নগৰত উপস্থিত হয়। এই খবৰ পাই তেতিয়াৰ জাম নগৰৰ মহাৰাজা দিগ্বিজয় সিং জজেজাই তেওলোকক আশ্ৰয় দিয়ে। অকল আশ্ৰয়েই নহয় শিশু সকলৰ উপযুক্ত শিক্ষাৰ দায়িত্ব লৈ সামৰিক বাহিনীত যোগদান কৰিব পৰা কৰি অস্ত্ৰ সহ পোলেণ্ডলৈ পঠিয়াই দিয়ে। তেওলোকে জাম নগৰৰ সৈনিকৰ পৰা প্ৰশিক্ষণ আৰু সহায় লৈ পূণৰ দেশ স্থাপন কৰেগৈ।
আজিও পোলেণ্ড বাসীয়ে মহাৰাজা দিগ্বিজয় সিং জজেজাক তেওঁলোকৰ অন্নদাঁতা হিচাবে অন্তঃকৰণেৰে স্বীকাৰ কৰে। তেওঁলোকৰ সংবিধান অনুসাৰে জামা নগৰ মহাৰাজা দিগ্বিজয় সিং জজেজা ঈশ্বৰৰ সমান। সেইকাৰণে নিৰ্বাচিত নেতা সকলে মহাৰাজা দিগ্বিজয় সিং জজেজাক সাক্ষী হিচাবে ৰাখি সংসদত শপত গ্ৰহণ কৰি আহিছে। যদি ভাৰতত মহাৰাজা দিগ্বিজয় সিং জজেজাক কোনোবাই অপমান কৰে ইয়াত কোনো আইনী ব্যৱস্থাত শাস্তি বিধান কৰা নহয় কিন্তু এই ভুল যদি পোলেণ্ডত কৰে টোপৰ মুখত বান্ধি উৰাই দিয়া হয়। আজিও পোলেণ্ডে মহাৰাজা দিগ্বিজয় সিং জজেজাৰ এই মহানুভৱতাৰ কথা পাহৰা নাই, সেয়ে আজি ভাৰতৰতীয়ৰ বাবে ভিছা অবিহনে অহা যোৱা কৰিবলৈ দিয়াৰ ওপৰিও সৰ্বপ্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই আহিছে। যদি আজি পোলেণ্ডৰ নাগৰিকে কোনো ভাৰতীয়ক সোধে “আপুনি মহাৰাজা দিগ্বিজয় সিং জজেজাক জানেনে?” তেতিয়া ইউক্ৰেইনত এম বি বি এচ পঢ়ি থকা জনে যদি কয় “I don’t know” তেতিয়া এইটো আমাৰ বাবে কিমান লাজৰ কথা হব পাৰে বাৰু, এবাৰ ভাবি চাওঁকচোন! পোলেণ্ডৰ প্ৰতিজন নাগৰিকে মহাৰাজা দিগ্বিজয় সিং জজেজাৰ বিষয়ে খুব ভালদৰে জানে, এয়া আমাৰ ভাৰতীয়ৰ বাবে পৰম গৌৰৱৰ বিষয় হোৱা উচিত যাৰ বিষয়ে নেকি আমি কতো পঢ়িবলৈ পোৱা নাই।