Your Voice, Our Strength

মহানগৰীত যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ নকৰা বাহনৰ চলাচল নিষিদ্ধ ঘোষণা পৰিবহণ বিভাগৰ।

নিয়ম ভঙ্গকাৰী বাহনৰ ৬ মাহলৈকে বাতিল হ’ব পাৰে পঞ্জীয়ন : জিলা প্ৰশাসন-আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ সহযোগত কঠোৰ অভিযান।

আজিৰ খবৰ, গুৱাহাটী, ৭ মাৰ্চ : নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধৰ বাবে বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ পিছতো স্বয়ং গুৱাহাটী মহানগৰীতে এতিয়াও ১০০কোটিতকৈয়ো অধিক কৰ পৰিশোধ কৰিবলৈ আছে যান-বাহনৰ মালিকে । ইয়াৰে কেৱল বাণিজ্যিক বাহনেই ৮০কোটিতকৈয়ো অধিক কৰ পৰিশোধ কৰিবলৈ থকাৰ বিপৰীতে বিলাসী বাহনে দিবলৈ আছে ১৫ কোটিৰো অধিক কৰ । সেয়ে মহানগৰীত বাৰম্বাৰ নিয়ম ভঙ্গকাৰী বাহনৰ যাতায়ত নিষিদ্ধ ঘোষণা কৰে পৰিবহণ বিভাগে ৷ জিলা প্ৰশাসন, আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ সহযোগত কঠোৰ তালাচীত নামিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল। যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ “অলক্লিয়েৰ” হ’লেহে ৰাজপথত গাড়ী চলাব পাৰিব। অন্যথা ঘৰৰ পৰা ৰাজপথ অভিমুখী হওতেই পদূলিতে জব্দ হ’ব বাহন। তদুপৰি কাৰ্যালয়, উদ্যোগ-প্ৰতিষ্ঠান, পেট্ৰল পাম্প, টোল গেট আদি যিকোনো ঠাইত জব্দ হ’ব পাৰে মহা কৰফাঁকিৰে মহানগৰীৰ ৰাজপথ শুৱনি কৰিব বিচৰা বাহন ৷ কেৱল সিমানেই নহয় ৬মাহলৈকে বাতিল হ’ব পাৰে বাহনৰ পঞ্জীয়ন। এই কঠোৰ অভিযানৰ কথা সদৰি কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে উল্লেখ কৰে নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধৰ লগত সাঙোৰ খাই থকা বাহনৰ মালিকৰ সুৰক্ষিত যাতায়তৰ লগতে অনিশ্চিত পৰিবেশ-পৰিস্থিতিৰ কথাও। পৰিবহণ বিষয়া গৰাকীয়ে কয় যে নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধৰ বাবে আমি কাকো আমনি কৰা নাই বৰঞ্চ ভয়ংকৰ বিপদৰ পৰা চালক-যাত্ৰী, মালিক সকলোকে উদ্ধাৰৰ বাবেহে সবিনয় আহ্বান জনাইছোঁ। কিয়নো সুৰক্ষিত যাতায়তৰ মূল ভেটিটোৱেই হৈছে যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰা ৷ এইক্ষেত্ৰত আনক সুৰক্ষিত কৰিবলৈ যোৱাৰ আগতে নিজে সুৰক্ষিত হ’ব লাগিব ৷ ব্যক্তিগত অথবা ব্যৱসায়িক প্ৰতিখন বাহনৰ চালকে সময়মতে অনুজ্ঞাপত্ৰৰ নৱীকৰণ কৰিব লাগিব । গৰাকীয়ে বাহনৰ পঞ্জীয়ন, বীমা, সক্ষমতা, প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰকে ধৰি যাৱতীয় নথিপত্ৰ সকলো সময়তে উন্নিতকৰণ কৰি ৰাখিব লাগিব আৰু বকেয়াসহ সকলো কৰ পৰিশোধ কৰিব লাগিব ৷ কিয়নো কৰ পৰিশোধ নকৰাকৈ থাকিলে বাহনখনক “ইনভেলিদ” অৰ্থাৎ অক্ষম বুলি ধৰা হয় ৷ বীমা কোম্পানীয়ে এনে অক্ষম বাহনৰ কেতিয়াও ক্ষতিপূৰণ নিদিয়ে । ভগৱানে নকৰাওক, নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ নকৰা বাহন দুৰ্ঘটনাত পটিত হৈ কোনো লোক গুৰুতৰভাৱে আহত অথবা নিহত হ’বলগীয়া হ’লে তৃতীয় পক্ষই যদিহে ক্ষতিপূৰণ বিচাৰি গোচৰ তৰে তেতিয়া বাহনৰ মালিকে কিন্তু ঘৰ-মাটি বিক্ৰী কৰি হ’লেও ক্ষতিপূৰণ দিব লাগিব ৷ গতিকে ভৱিষ্যতৰ এনেধৰনৰ বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এখন সুৰক্ষিত অসমৰ স্বাৰ্থত প্ৰতিগৰাকী সন্মানীয় মালিকেই বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় সকলো ধৰণৰ কৰ পৰিশোধ কৰক ৷ অন্যথা ৰাজ্যবাসীৰ সুৰক্ষিত যাতায়তৰ স্বাৰ্থতে কৰ পৰিশোধ নকৰা বিলাসী বাহনৰ লগতে বাণিজ্যিক আৰু অন্যান্য বাহনৰ মালিক, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থা সকলোৱে বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে কঠোৰতম আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব ৷

You might also like