Your Voice, Our Strength

হালদিয়াৰ পৰা ২৮০০ মেট্ৰিক টন লোহা লৈ ব্ৰহ্মপুত্ৰৰে পাণ্ডু বন্দৰ আহি পালে ৯০ মিটাৰ দীঘল জাহাজ।

আজিৰ খবৰ, গুৱাহাটী , ১৫ মাৰ্চ : কলকাতাৰ হালদিয়াৰ শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰৰ পৰা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ( আই ডব্লিউ এ আই ) অধীনত ১৬ ফেব্ৰুৱাৰীত ২,৮০০ মেট্ৰিক টন লোহা লৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা কৰা ৯০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ২৬ মিটাৰ বহলৰ “ডি বি কল্পনা চাওলা” নামৰ দীঘল জাহাজখন চাৰি সপ্তাহৰ যাত্ৰাৰ অন্তত আজি পুৱা পাণ্ডু বন্দৰ আহি পায় । পাণ্ডু বন্দৰত জাহাজখনক আদৰণি জনায় আই ডব্লিউ এ আইৰ জ্যেষ্ঠ উপদেষ্টা ৰঞ্জন চক্ৰৱৰ্তী , কেন্দ্ৰীয় বন্দৰ , জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত সচিব কুলদ্বীপ বায়ন , পাণ্ডু বন্দৰৰ সঞ্চালক এ ছিলভা কুমাৰ , উপ সঞ্চালক প্ৰবীণ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই । এই উপলক্ষে পাণ্ডু বন্দৰত সাংবাদিকৰে সৈতে হোৱা চমু বার্তালাপত সঞ্চালক এ ছিলভা কুমাৰে কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰৰে ভাৰত বাংলাদেশ প্রট’কল পথৰে পাণ্ডুকে ধৰি অসমলৈ নিয়মীয়াকৈ মালবাহী জাহাজ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্রসাদ মুখাৰ্জী বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিবি কল্পনা চাওলা জাহাজখনৰ ফ্লেগ্‌ অফ কৰিছিল।

P&C
You might also like