Your Voice, Our Strength

নীতি-নিয়ম নমনা বাহনক পথচ্যুত কৰিবলৈ পৰিবহণ বিভাগৰ “অল আউট” অভিযান

খানাপাৰা-যোৰাবাট-সোনাপুৰ-নাৰেংগী-পানীখাইটি-চন্দ্ৰপুৰত কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা পৰিবহণৰ উদ্যোগত ৫০০ৰো অধিক বাহনত তালাচী : ৪৬খন বাহন জব্দ-১০০ৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু।

আজিৰ খবৰ, গুৱাহাটী, ১৮ মাৰ্চ : যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ গৰাকীক এশিকনি দিবলৈ আজিৰে পৰা পৰিবহণ বিভাগে আৰম্ভ কৰিলে “অল আউট” অভিযান । বিগত সময়চোৱাত ছাৰখাৰ আৰু অলক্লিয়াৰ অভিযানৰ জড়িয়তে মহানগৰীৰ প্ৰায় প্ৰতিটো চুক-কোণৰ যানবাহনৰ মালিকক যাৱতীয় কৰ পৰিশোধৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ লগতে কঠোৰ সকীয়নি দিয়াৰ পিছতো বহুতেই বিষয়টোৰ প্ৰতি সামান্যতমো নৈতিকতা প্ৰদৰ্শন নকৰা কাৰ্যত খৰ্গহস্ত হৈ এইবাৰ কৰ অনাদায়ী কোনো বাহনেই যাতে ৰাজপথত উঠিব নোৱাৰে তাৰবাবে পৰিবহণ বিভাগে হাতেকামে লাগি গৈছে । সেই উদেশ্যেই বিগত কেইদিনৰ দৰে আজিও মহানগৰীৰ ৰাজপথত বৃহৎ যৌথ অভিযানত নামে কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দল ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস, কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক পিবি লামা, মোজাম্মিল হুছেইনকে ধৰি নতুনকৈ নিয়োজিত হৈ প্ৰশিক্ষণৰত প্ৰবৰ্তক পৰিদৰ্শকৰ

উপস্থিতিত অভিযানকাৰী দলে আজি খানাপাৰা, যোৰাবাট, সোনাপুৰ, নাৰেংগী, পানীখাইটি, চন্দ্ৰপুৰ আদি বৃহৎ অঞ্চলৰ ৰাজপথত ৫০০ৰো অধিক সৰু-বৰ বাহনত তালাচী চলাই। নিচিদ্ৰ তালাচীৰ সময়ত যানবাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাৰ গুৰুতৰ বিসঙ্গতিত ৪৬খন বাহন জব্দ কৰি ১০০ৰো অধিক বাহনৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত গোচৰ ৰুজু কৰি জৰিমনা আদায় কৰে। ইফালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া-কৰ্মী ফেন্সীবজাৰ, পানবজাৰ, গণেশগুৰি, হেঙেৰাবাৰী আদি বিভিন্ন অঞ্চলত যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ মালিক, উদ্যোগ-প্ৰতিষ্ঠান আৰু বিভিন্ন নিৰ্মানকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে উপস্থিত হৈ শীঘ্ৰে কৰ আদায় নিদিলে প্ৰয়োজনত কঠোৰৰ পৰা কঠোৰতম পৰিস্থিতিৰ সন্মুখীন হ’বলগা বুলি চূড়ান্ত সকীয়নি দিয়ে ৷

P&C

You might also like