Your Voice, Our Strength

বৰঝাৰ বিমানবন্দৰৰ সমীপত নৱনির্মিত চিনেমা হল উদ্ধোধন

আজিৰ খবৰ, গুৱাহাটী, ১৮ মাৰ্চ : যি সময়ত ক’ভিডৰ লগতে আন আন বহু কাৰণৰ বাবে ৰাজ্যৰ বহু চলচিত্ৰ গৃহ বন্ধ হৈ পৰিছে সেই সময়তে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত আজাৰা ভি আই পিত নতুনকৈ নিৰ্মাণ কৰা “আৰ আৰ চিনেমাছ” নামৰ এটা অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰিত চিনেমা হল ১৪ মাৰ্চত উদ্ধোধন কৰা হয় । মাংগলিক কাৰ্যৰ মাজেৰে চিনেমা হলটো উদ্ধোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই । উল্লেখযোগ্য যে নৱনির্মিত হলটোত ১৩৫ গৰাকী লোকে একেলগে চিনেমা উপভোগ কৰিব পাৰিব । প্ৰতিদিনে ৫ টাকৈ দর্শনীৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । আনহাতে উদ্বোধনী অনুষ্ঠানত প্ৰিয়ম পল্লৱীকে ধৰি সাংস্কৃতিক জগতখনৰ লগত জড়িত কেবাগৰাকীও লোক উপস্থিত থাকে । চমু ভাষণত আইমি বৰুৱাই কয় চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হলে এনেধৰণৰ চিনেমা হলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব ।

P&C
You might also like