Your Voice, Our Strength

সমাগত পৌৰ নিগমৰ নিৰ্বাচন : পাণ্ডুত আবকাৰী বিভাগৰ অভিযান

চুলাই মদ সহ দুগৰাকীকৈ মহিলাক আটক

আজিৰ খবৰ, গুৱাহাটী, ২৭ মাৰ্চ : ৰাজ্যিক নিৰ্বাচনী আয়োগে গুৱাহাটী পৌৰ নিগমৰ দিন বাৰ ঘোষণা কৰাৰ পাছতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁই দেশী বিদেশী অবৈধ সুৰাই যাতে নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগক অবৈধ সুৰাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাবলৈ আৰু দৰকাৰ হলে আৰক্ষীৰ সহায় লবলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰ আৰু মহানগৰ জিলাৰ আন আন আবকাৰী চক্ৰ সমূহে অবৈধ সুৰাৰ বিৰুদ্ধে বিশেষ যৌথ অভিযান আৰম্ভ কৰিছে । অইন দিনাৰ দৰে আজি পুৱাৰ ভাগত জালুকবাৰী আৰু ফটাশিল আমবাৰী আবকাৰী চক্ৰ কাৰ্যালয়ে পাণ্ডুৰ নিউ কলনী আৰু ৰেলৱে বজাৰত এক অভিযান চলায় । অভিযান কালত দুজনী মহিলাক ১৫ লিটাৰ চুলাই মদসহ আটক কৰা হয় । দুপৰীয়াৰ ভাগত আটকাধীন মহিলা দুয়োগৰাকীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে বিগত চাৰিটা দিনত আবকাৰী বিভাগে গুৱাহাটী মহানগৰীত চলোৱা অভিযানত চুলাই মদ প্ৰস্তুত কৰা কেবাটাও ভাটি ধ্বংস কৰাৰ লগতে পাঁচজন লোকক আটক কৰিছিল ।

You might also like