Your Voice, Our Strength

লকডাউনৰ দুটা বছৰ সম্পূৰ্ণ : দুটা বছৰত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত প্ৰায় ৩৪ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি অভিলেখ গঢ়িলে অমৃত ভোগ ভাণ্ডাৰাই

আজিৰ খবৰ, গুৱাহাটী, ৩০ মাৰ্চ : মহামাৰীৰূপী কভিড – ১৯ ৰ গণ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে ২০২০ বৰ্ষৰ ২৪ মাৰ্চত ঘোষণা কৰিছিল লকডাউন । ইতিমধ্যে যোৱা ২৪ মাৰ্চত লকডাউনে দুটা বছৰ সম্পূৰ্ণ কৰে । বর্তমান কভিড পৰিস্থিতি বহু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অহা ৩১ মাৰ্চৰ পৰা দেশজুৰি মুখত পৰিধান কৰা মাস্কৰ বাহিৰে আন সকলো কভিড বিধি উঠাই দিব বুলি ঘোষণা কৰিছে । লক্ষণীয় যে কভিডৰ সময়ত দেশজুৰি খাটি খোৱা , সৰু সুৰা ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকল কি দুৰৱস্থাৰ সন্মুখীন হৈছিল সেয়া সৰ্বজনবিদিত । উল্লেখযোগ্য যে সেই সময়ত বহু স্বেচ্ছাসেৱী অনুষ্ঠান , অনা চৰকাৰী সংগঠন ( এন জি অ ) আৰু শুভাকাংক্ষী লোকে লকডাউনৰ বাবে যাতে কোনো লোক অনাহাৰত ভুগিব লগা নহয় তাৰ বাবে খাদ্য সংকটত ভোগা লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছিল । আনহাতে গুৱাহাটী মহানগৰীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলটো লকডাউন ঘোষণা কৰাৰ পাছত দুৰ্গত লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিছিল ৰাজ্যৰ অগ্ৰণী চেৰিটেবুল ট্ৰাষ্ট হিচাপে পৰিচিত “অমৃত ভোগ ভাণ্ডাৰাই । আনকি কভিড পৰিস্থিতি উন্নত হোৱাৰ পাছতো বিগত দুটা বছৰত গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আজি পৰ্যন্ত প্ৰায় ৩৪ লাখ লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰি এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে সংগঠনটোৱে । অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচন্দ জৈনে জানিবলৈ দিয়া মতে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত শ্ৰমিক , সাধাৰণ ৰাইজ আৰু খাটি খোৱা লোকসকলৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল । বিশেষকৈ কৰ্মসংস্থাপন হেৰুৱাই হাজাৰ হাজাৰ লোক ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন ঘোষণাৰ চাৰিদিন পাছত ২৮ মাৰ্চৰ পৰা কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ অনুমতি সাপেক্ষে গুৱাহাটীৰ ফটাশিলৰ সমীপৰ হাৰিয়ানা ভৱনত শিবিৰ স্থাপন কৰি অঘৰী , সৰ্বহাৰা , ভিক্ষাৰী , কৰ্ম সংস্থাপন হেৰুৱাই নিবনুৱা হোৱা লোক সকলক খাদ্য বা আহাৰ যোগানৰ কাম আৰম্ভ কৰে । আনকি বিগত ২০২০ আৰু ২০২১ বর্ষত লকডাউন বা দিনতে সান্ধ্য আইন চলি থকা সময়ত দৈনিক প্ৰায় ২০ হাজাৰৰো অধিক লোকক দিনে নিশাই আহাৰ যোগান ধৰিছিল । এই কাৰ্যত সহযোগিতা আগবঢ়াইছিল হাৰিয়ানা চেৰিটেবুল ট্ৰাষ্ট , লায়ন্স ক্লাব অফ গৌহাটী গ্ৰেটাৰকে ধৰি ক্লাৱৰ কেবাটাও শাখা , ষ্টাৰ চিমেন্ট লিমিটেডকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান , শংকৰলাল গোবেংকা , উমেশ বেৰীয়া , নিৰ্মল গোলছা , কৈলাশ কাবৰা , ভি কে গুপ্তাকে ধৰি কেবাজনো শুভাকাংক্ষী লোকে সহযোগিতা আগবঢ়াইছিল । সমান্তৰালভাৱে সহায় সহযোগ কৰিছিল এন ডি আৰ এফ , চি আৰ পি এফ , বি এছ এফ , ভাৰতীয় সেনাই । আনকি লকডাউন শেষ হোৱাৰ পাছতো বৰ্তমানো অমৃত ভোগ ভাণ্ডাৰাই নিয়মীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দিনে নিশাই প্ৰায় ৮০০ জনক , আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিশাৰ ভাগত প্ৰায় ২০০ জন ৰোগীক আহাৰ যোগান ধৰি আহিছে ।তেনেদৰে ভূতনাথ , পাণবজাৰ , ফটাশিল , আঠগাঁও , ফাঁচীবজাৰ আদিত প্ৰায় ডেৰ হাজাৰ পদপথত বাস কৰা অঘৰী লোক , ভিক্ষাৰী আদিক দিনৰ উপৰিও নিশাৰ ভাগটো আহাৰ যোগান ধৰি ক্ষুধা নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । সমান্তৰালভাৱে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ , কমলপুৰ , ছয়গাঁও , চন্দ্ৰপুৰ আদি অঞ্চলটো কেবা হাজাৰ লোকক আহাৰ যোগান ধৰি আহিছে । ভাগচন্দ জৈনে সদৰি কৰি দৈনিক প্ৰায় ১০ ৰ পৰা ১২ জন ৰান্ধনীয়ে হাৰিয়ানা ভৱনত আহাৰ প্ৰস্তুত কাৰ্যত জড়িত হৈ আছে ।

P&C
You might also like