Your Voice, Our Strength

পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ ৰাজপথত নিষিদ্ধ হ’ব কৰ অনাদায়কাৰী বাহন : মঙলবাৰে এখন এখনকৈ বাহন ৰখাই কৰফাকি দিওতাৰ পৰা জৰিমণাসহ যানবাহন কৰ আদায়

গুৰুতৰ অপৰাধত ১৬০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৪৫খন জব্দ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে

আজিৰ খবৰ, গুৱাহাটী, ৩০ মাৰ্চ: ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি মহানগৰীৰ ৰাজপথত যুদ্ধকালীন তৎপৰতাৰে তালাচী চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷ কেবল সিমানেই নহয় ৰাজপথেৰে চলাচল কৰা বাহনসমূহ এখন এখনকৈ ৰখাই যোৱা দিনবোৰত বাৰম্বাৰ সকীয়নিৰ পিছতো কৰফাকি দি ফুৰাসকলৰ পৰা ঠিতাতে আদায় কৰিলে যানবহন কৰ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে মঙলবাৰে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰি বৃহত্তৰ খানাপাৰা অঞ্চলকে ধৰি বহু গুৰুত্বপূৰ্ণ স্থানত অতৰ্কিতে তালাচী চলায়। যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, বেবীলতা দলেকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে মঙলবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১৩০০ৰো অধিক বাহনত তালাচী চলাই ৷ তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যানবাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ গুৰুতৰ বিসঙ্গতিত বহু বাহনৰ পৰা ঠিতাতে কৰ আদায় কৰি ১৬০খনৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৪৫খনৰো অধিক বাহন জব্দ কৰে। জব্দ হোৱা বহু বাহনেই জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত আৰু মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত অভিযান অধীক তীব্ৰতৰ কৰি তোলা সন্দৰ্ভত বক্তব্য আগবঢ়াই ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে অতি গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰি কয় যে পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ ৰাজপথত বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বহু বাহনৰ চলাচল নিষিদ্ধ হ’ব ৷ কৰ আদায় নিদিয়া আৰু নথিপত্ৰ নৱীকৰণ নকৰা কোনো বাহনকে ৩১মাৰ্চৰ পিছত ৰাজপথত উঠিবলৈ দিয়া নহ’ব ৷ অহা দুদিনত মহানগৰীৰ চুকে কোনে ভয়ংকৰ অভিযান চলিব বুলি সকীয়াই দি সকলো শ্ৰেণীৰ যানবাহনৰ মালিককে বকেয়াসহ যাৱতীয় কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰি নিজৰ নিজৰ বাহনসমূহ বৈধ কৰি ৰাখিবলৈ পৰিবহণ বিষয়াগৰাকীয়ে আহ্বান জনায় ৷

You might also like