Your Voice, Our Strength

Reality Show Star of Assam ত বিশিষ্ট গীতিকাৰ, সামাজিক কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়া।

আজিৰ খবৰ, গুৱাহাটী, ১৮ এপ্ৰিল : বজালী জিলাৰ ভৱানীপুৰৰ অগ্ৰণী সংগীত শিক্ষানুষ্ঠান ‘জ্ঞানম সংগীত একাডেমি’ (সংগীত মহাবিদ্যালয়)ৰ উদ্যোগত আৰু বহু কেইটা নিউজ পৰ্টেলৰ সহযোগত আয়োজিত “STAR OF ASSAM (A Singing Reality show), সংগীতৰ এক সুৰীয়া সমৰ” শীৰ্ষক ৰিয়েলিটী শ্ব’ৰ শুভ উদ্বোধনী অনুষ্ঠানটি দিনজোৰা এলানি বৰ্ণিল কাৰ্যসূচীৰে ১৭ এপ্ৰিল, দেওবাৰে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ সংগীত জগতৰ স্বনামধন্য শিল্পী জে.পি. দাস, ড° অনিমা চৌধুৰী, বিশিষ্ট গীতিকাৰ, মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, গায়ক মনোজ কাশ্যপ, ৰেখা ভাৰতী, ৰেণু গোস্বামী, কুসুম তালুকদাৰ, মহানন্দ দাস, ৰমেন দাসৰ লগতে বহুতো স্থানীয় শিল্পী। বাছনি প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী জে.পি. দাসে। বন্তি প্ৰজ্বলন কৰে বিশিষ্টা কণ্ঠশিল্পী ড° অনিমা চৌধুৰীয়ে। বাছনি প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানখনি উদ্বোধন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ ভাৰতৰ সদস্য, বিশ্ব সংবিধান সংসদ সংস্থাৰ আন্তৰ্জাতিক সদস্য, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, কেলিফাৰ্নিয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰীপ্ৰাপক, Motivational speaker, বিশিষ্ট গীতিকাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ড° দিব্যজ্যোতি শইকীয়াদেৱে। ডঃ শইকীয়াই নৱপ্ৰজন্মৰ গীতিকাৰ গায়ক আৰু প্ৰযোজক সকলক সমাজৰ প্ৰতি দায়বদ্ধতা পালন কৰি সংগীত সাধনা কৰিবলৈ আহ্বান জনায়।

‘STAR OF ASSAM’ ৰ পৰিচালিকা বিশিষ্টা কণ্ঠশিল্পী,জ্ঞানম সংগীত একাডেমি( সংগীত মহাবিদ্যালয়)ৰ অধ্যক্ষা কাকলি দাসে উল্লেখ কৰে যে সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰি প্ৰকৃত সাধনাৰ মাজেৰে প্ৰতিভাধৰসকলক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে এই ৰিয়েলিটী শ্ব’খনি পৰ্য্যায়ক্ৰমে অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হব। ‘STAR OF ASSAM, সংগীতৰ এক সুৰীয়া সমৰ’ শীৰ্ষক এই প্ৰতিযোগিতামূলক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ কাকলি দাসে নৱপ্ৰজন্মক আহ্বান জনায়।

P&C

You might also like