Your Voice, Our Strength

পুনৰ শিপাইছে কৰ’নাই : জিএমচিএইচত পুনৰ মাস্ক পৰিধান বাধ্যতামূলক।

২৪ ঘণ্টাত ভাৰতত কভিডত আক্ৰান্ত হৈ ৫০ জনৰ মৃত্যু

🟦পুনৰ শিপাইছে কৰ’নাই।ভাৰতত এদিনতে ৩,৬৮৮ জন লোক নতুনকৈ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।যোৱা ২৪ ঘণ্টাত ভাৰতত কভিডত আক্ৰান্ত হৈ ৫০ জন লোকৰ মৃত্যু হৈছে।

 

🟦মৃত্যুৰ ভিতৰত ৪৫ জন কেৰালাৰ, দুজন দিল্লীৰ আৰু এজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ।

 

P&C

🟦আনহাতে অসমত ২৯ এপ্ৰিলত দুজন লোক কৰ’নাত আক্ৰান্ত হৈছে।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, এটা ঘটনা কাছাৰৰ পৰা আৰু আনটো কামৰূপৰ (মেট্ৰ’) পৰা প্ৰতিবেদিত হৈছে।

 

🟦গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচিএইচ)ৰ চৌহদত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে।জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই এই কথা জানিবলৈ দিছে।

 

🟦এই সন্দৰ্ভত তেওঁ কয় যে,”বেছিভাগ লোকক টিকাকৰণ কৰাৰ বাবে চিন্তা কৰাৰ বিশেষ একো নাই।যিসকলক টিকাকৰণ কৰা হোৱা নাই আৰু তৃতীয় পালিৰ বাবে যোগ্য, অনুগ্ৰহ কৰি গ্ৰহণ কৰক।

 

🟦কভিডৰ উপযুক্ত আচৰণ অনুসৰণ কৰক।মাস্ক পিন্ধিব, অপ্ৰয়োজনীয় ভিৰ পৰিহাৰ কৰিব,হাতৰ চেনিটাইজেচন কৰিব।”

 

🟦তেওঁ লগতে কয় যে, আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।আমি ইয়াক আন ফ্লুৰ লক্ষণৰ দৰে গ্ৰহণ কৰি আছো কিন্তু এই সকলোবোৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে।

 

🟦যদি আপুনি মাস্ক পৰিধান নকৰে তেন্তে সংক্ৰমণ বাঢ়িব পাৰে।গতিকে মই ব্যক্তিগতভাৱে সকলোকে আগৰ দৰে মাস্ক পিন্ধিবলৈ অনু ৰোধ জনাইছো।”

You might also like