Your Voice, Our Strength

সাৱধান,পুনৰ আহিছে কৰ’না : দেশত ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হৈ ৫০ জনৰ মৃত্য

গুৱাহাটী চিকিৎস্যলয় পুনৰ মাস্ক পৰিধান বাধ্যতামূলক

আজিৰ খবৰ, গুৱাহাটী ১ মে : ভাৰতত পুনৰ শিপাইছে কৰ’নাই। এদিনতে ৩,৬৮৮ জন লোক নতুনকৈ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।যোৱা ২৪ ঘণ্টাত ভাৰতত কভিডত আক্ৰান্ত হৈ ৫০ জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ ভিতৰত ৪৫ জন কেৰালাৰ, দুজন দিল্লীৰ আৰু এজনকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ। আনহাতে অসমত ২৯ এপ্ৰিলত দুজন লোক কৰ’নাত আক্ৰান্ত হৈছে।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, এটা ঘটনা কাছাৰৰ পৰা আৰু আনটো কামৰূপৰ (মেট্ৰ’) পৰা প্ৰতিবেদিত হৈছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচিএইচ)ৰ চৌহদত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে।জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই এই কথা জানিবলৈ দিছে। এই সন্দৰ্ভত তেওঁ কয় যে,”বেছিভাগ লোকক টিকাকৰণ কৰাৰ বাবে চিন্তা কৰাৰ বিশেষ একো নাই।যিসকলক টিকাকৰণ কৰা হোৱা নাই আৰু তৃতীয় পালিৰ বাবে যোগ্য, অনুগ্ৰহ কৰি গ্ৰহণ কৰক। কভিডৰ উপযুক্ত আচৰণ অনুসৰণ কৰক।মাস্ক পিন্ধিব, অপ্ৰয়োজনীয় ভিৰ পৰিহাৰ কৰিব,হাতৰ চেনিটাইজেচন কৰিব।”
তেওঁ লগতে কয় যে, আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।আমি ইয়াক আন ফ্লুৰ লক্ষণৰ দৰে গ্ৰহণ কৰি আছো কিন্তু এই সকলোবোৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি মাস্ক পৰিধান নকৰে তেন্তে সংক্ৰমণ বাঢ়িব পাৰে।গতিকে মই ব্যক্তিগতভাৱে সকলোকে আগৰ দৰে মাস্ক পিন্ধিবলৈ অনুৰোধ জনাইছো।”

You might also like