Your Voice, Our Strength

চীন সীমান্তবৰ্তী অঞ্চলৰ অধিক শিক্ষানুষ্ঠানক খোলা হব এন চি চি ; এন চি চি ঐক্যবদ্ধ , সুশৃংখলিত আৰু অধিক কাৰ্যদক্ষ : মেজৰ জেনেৰেল ভাস্কৰ কলিতা

আজিৰ খবৰ, গুৱাহাটী, ৭ মে : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয় অধীনৰ আৰু দেশৰ সুশৃংখলিত সৰ্ববৃহৎ যুৱ সংগঠন হিচাপে পৰিগণিত হৈ অহা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা মেজৰ জেনেৰেল ভাস্কৰ কলিতাই বাহিনীটোক শক্তিশালীকৰণত মনোনিবেশ কৰিছে । মূলত কভিডৰ বাবে কিছু স্থবিৰ হৈ পৰা এন চি চিক উত্তৰ পূবত পুনৰ ন -ৰূপ দিবলৈ প্ৰয়াস আৰম্ভ কৰিছে এ ডি জি , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । ইয়াৰ অংশ হিচাপে কলিতাই অৰুণাচল প্ৰদেশৰ আটাইতকৈ পুৰণি তথা ১৯৬৪ চনত পাচিঘাটত স্থাপিত ২২ অৰুণাচল এন চি চি ইউনিটটো ৪ মে’ত পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত পাচিঘাটত ইউনিট কাৰ্যালয় চৌহদত বিষয়া , জে চি অ , প্ৰশিক্ষক আৰু কেডেট সকলৰ সৈতে মত বিনিময় কৰে । জেনেৰেল কলিতাই কয় – মূলত ভাৰত – চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১০ খনকৈ জিলাক সামৰি লোৱা ইউনিটৰ অধীনত আছে ৪০ খনকৈ বিদ্যালয় – মহাবিদ্যালয় । বৰ্তমানলৈকে ইউনিটৰ অধীনত প্ৰায় ৩ হাজাৰতকৈ অধিক কেডেটে প্ৰশিক্ষণ গ্ৰহণ কৰিছে । আমি এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা অতি ভিতৰুৱা অঞ্চল সমূহত শিক্ষানুষ্ঠান সমূহক এন চি চিত সামৰি লম । আনহাতে এন চি চি অধিক শৃংখলাবদ্ধ , ঐক্যবদ্ধ আৰু কার্যদক্ষ বাহিনী বুলি অভিহিত কৰি জেনেৰেল কলিতাই কেডেট সকলৰ উজ্বল ভৱিষ্যতৰ কামনা কৰে । উল্লেখযোগ্য অনুষ্ঠানত জেনেৰেল ভাস্কৰ কলিতাই কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ মুঠ কেডেটৰ প্ৰায় ৫২ শতাংশই হৈছে ২২ অৰুণাচল এন চি চি ইউনিটৰ ।

P&C
You might also like