Your Voice, Our Strength

আজাৰাত বি এছ এফৰ পেঞ্চন আদালত সম্পন্ন

আজিৰ খবৰ, গুৱাহাটী , ৭ মে : সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া – জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যিসকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা , বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয় । আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি আই জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ চি সিঙে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ কমাণ্ডেন্ট ডাঃ বিনয় কুমাৰ , সহকাৰী কমাণ্ডেন্ট বলজিৎ সিং , পৰিদৰ্শক প্ৰসেন শইকীয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে বি এছ এফৰ সূত্ৰই সদৰি কৰা অনুসৰি পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হোৱা পেঞ্চন আদালতত এছ বি আইকে ধৰি পেঞ্চনৰ লগত জড়িত কেবাটাও ৰাষ্ট্ৰীয়কৃত বেংকৰ প্ৰতিনিধি উপস্থিত থাকে । তেনেদৰে অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ পেঞ্চন জনিত সমস্যা থকা বি এছ এফৰ অৱসৰপ্ৰাপ্ত বিষয়া – জোৱান আৰু মৃত বিষয়া – জোৱানৰ বিধবা পত্নীকে পৰিয়ালৰ প্ৰায় ৫০ জনমান লোক উপস্থিত থাকে । আনহাতে উপস্থিত থকা বেছিভাগৰে পেঞ্চনৰ আসোঁৱাহ , সমস্যা সমূহ সমাধানসূত্ৰ উলিয়াই তেওঁলোকক বহু সকাহ দিয়া হয় ।

P&C
You might also like