
বিধায়কৰ উপস্থিতিত ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত ৰাইজৰ বৰাগাঁওত তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট
এক সপ্তাহৰ ভিতৰত দুৰ্গন্ধ আঁতৰ কৰিব বুলি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ আশ্বাস
আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , সংবৰ্ধনৰ বাবে অলপতে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই আজি দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত নীতি বর্হিভূত ভাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবীত পশ্চিম বৰাগাঁওৰ বেলৰতলত আজি তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । দিনৰ ১১.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ পালন কৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত দীপৰ বিলৰ চাৰিওকাষে থকা আৰু দূৰ্গন্ধত অতিষ্ঠ হৈ পৰা ১৬ খনকৈ গাওঁৰ পুৰুষ – মহিলাকে ধৰি প্ৰায় ৪০০ মান লোকে ভাগ লয় । আনহাতে কাৰ্যসূচীত ভাগ লোৱা সকলোৱে হাতে হাতে বেনাৰ , প্লে – কাৰ্ড লৈ প্ৰদূষণ সৃষ্টিকাৰী ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰক , মানুহৰ জনস্বাস্থ্যক লৈ ধেমালি কৰা নচলিব , ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ভাগ লৈ ডাম্পিং গ্ৰাউণ্ডটোৱে দীপৰ বিলৰ পৰিবেশ বিনষ্ট কৰাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ বাসিন্দা সকলৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীক অৱগত কৰিছে বুলি ব্যক্ত কৰে । ইয়াৰ উপৰিও দীপৰ বিল ৰক্ষাৰ স্বাৰ্থত কলিতাই সমষ্টি বা অঞ্চল ভিত্তিত সৰু সৰু ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবৰ বাবে মুখ্যমন্ত্ৰী , গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী। , গুৱাহাটী পৌৰ নিগমৰ ( জি এম চি ) আয়ুক্তক অনুৰোধ জনোৱা বুলি ব্যক্ত কৰে । কাৰ্যসূচীত আজাৰা গাঁও পঞ্চায়তৰ সভাপতি কবিতা বড়ো ৰংপী , দীপৰ বিল সুৰক্ষা মঞ্চৰ কৰ্মকর্তা আৰু দাঁতি কাষৰীয়া অঞ্চলৰ কেবাগৰাকী নেতৃস্থানীয় লোক ক্ৰমে – হেনৰী ডেভিড টেৰণ , প্ৰমোদ কলিতা , সুশীল টেৰণ , গোলক দাস , উৎপল কুমাৰ দাস , সনেশ টেৰণ , ভনিতা বড়ো ৰংপী , দময়ন্তী ইংতি , গোলক দাস (২) , ভূমিধৰ দাস , তৰুণ চন্দ্ৰ তালুকদাৰকে ধৰি কেবাজনো লোকে ভাগ লৈ জি এম চিক যিকোনো মূল্যৰ বিনিময়ত ডাম্পিং গ্ৰাউণ্ড উঠাই নিবলৈ দাবী জনায় । ইফালে ডাম্পিং গ্ৰাউণ্ড সংযোগী পথচোৱা বন্ধ হৈ পৰাত আৱৰ্জনা পেলাবলৈ অহা কেবাখনো বাহনৰ চালকে কিছু দূৰত বাহন সমূহ ৰখাই থব লগীয়া হোৱাত অঞ্চলটোত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় । পাছত এক মান জি এম চিৰ আয়ুক্ত দেবাসীশ শৰ্মা অৱৰোধস্থলীত উপস্থিত হৈ অৱৰোধকাৰী সকলৰ সৈতে আলোচনাত মিলিত হয় । আলোচনাকালত আয়ুক্ত শৰ্মাই এটা সপ্তাহৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ডস্থলীত বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰি দুৰ্গন্ধ নাশ কৰাৰ লগতে গুৱাহাটীৰ আন আন সাতোটা স্থানত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰে । ফলত তিনি ঘণ্টাৰ অন্তত অৱৰোধ কাৰ্যসূচী উঠাই লয় প্ৰতিবাদকাৰী সকলে । আনহাতে দীপৰ বিল সুৰক্ষা মঞ্চৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ড বন্ধৰ দাবীত জি এম চিৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন মন্ত্রীলৈ সুকীয়াকৈ স্মৰক পত্ৰ প্ৰেৰণ কৰা হয় ।
