Your Voice, Our Strength

অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা

আজিৰ খবৰ, গুৱাহাটী, ১১ জুন, ২০২২ : এপাৰ্ট (APART)ৰ নেতৃত্ব আৰু আই আই এম আহমেদাবাদৰ প্ৰয়োগশালা চি আই আই ই. চি অ’ৰ সহযোগত অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে (এ এ জি এল) যোৱা ১০ জুন, ২০২২ তাৰিখে সফলতাৰে “পিটছিং আৰু ডেম’ ডে” সম্পন্ন কৰিছে। “ডেম’ ডে” বা প্ৰদৰ্শনীৰ এই প্ৰাৰম্ভিক দিনটোত অংশীদাৰ, চৰকাৰী এজেন্সি, বিত্তীয় প্ৰতিষ্ঠানসমূহ, বিনিয়োগকাৰী আৰু বিশেষকৈ অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবৰ লগত জড়িত ক্ৰেতাসকলৰ এক মিলনস্থল আছিল।

এপাৰ্টৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ডা০ আশিষ ভূটানী এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰিও উদ্যোগজগতৰ লগত জড়িত অনুষ্ঠানসমূহ যেনে জিলা উদ্যোগ কেন্দ্ৰ, নেডফি, এন আৰ এল, নাবাৰ্ড, এইচ ডি এফ চি বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, চি আই আই, ফাইনাৰ (FINER), চেলক’ (SELCO) ফাউণ্ডেচন, মীন বিভাগ, কৃষি বিভাগ, এৰিয়াজ (ARIAS) চচাইটি, ৱাৰ্ল্ড ভেজ, ৱাৰ্ল্ড ফিছ, আই আৰ আৰ আইৰ কেইবাজনো বিশিষ্ট বিষয়া উপস্থিত আছিল। ছি ছি এছ পি এলৰ লগত অংশীদাৰিত্বত

P&C

চি আই আই ই. চি অ’ই যোৱা ৩০ জুন ২০২১ তাৰিখে মুকলি কৰা এই একছিলাৰেশ্বন কাৰ্য্যসূচী অসমত ৰূপায়ন কৰি আছে।

অনুষ্ঠানত ডা০ ভূটানীয়ে কয় যে, অসম চৰকাৰ ৰাজ্যখনত কৃষি উদ্যমিতাৰ বাবে এক সক্ৰিয় পৰিবেশ গঢ়ি তোলাৰ প্ৰতি বদ্ধপৰিকৰ আৰু সেয়েহে, এপাৰ্টে অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেব কাৰ্য্যসূচীৰ দ্বাৰা ৰাজ্যখনৰ কৃষি প্ৰক্ৰিয়াকৰণ খণ্ডত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত কাম কৰি আছে। এপাৰ্টে ৰাজ্যখনৰ কৃষিক্ষেত্ৰৰ উদ্যোগীসকলক এই উন্নয়নৰ নেতৃত্ব দিবলৈ উৎসাহ প্ৰদান কৰি আহিছে। এনে এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী ৰূপায়নৰ বাবে তেওঁ চি আই আই ই. চি অ’ৰ প্ৰয়াসৰ শলাগ লয়।

এ এ জি এলে মূলতঃ কৃষিক্ষেত্ৰত তেওঁলোকৰ এই ধ্বজাবাহী কাৰ্য্যসূচীৰ এবছৰীয়া যাত্ৰা সম্পন্ন হোৱা উপলক্ষে এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছিল। এলানি ব্যৱসায়িক আৰু কাৰিকৰী পৰ্য্যালোচনা আৰু ২টা বুট কেম্পৰ শেষত ২৫টা কৃষি উদ্যোগী গোটে এতিয়া বিত্তীয় সহায়তা আৰু বিপণন আদিৰ বাবে বিভিন্ন বিনিয়োগকাৰী আৰু ক্ৰেতাৰ লগত সংযোগ স্থাপন কৰিব। অনুষ্ঠানত অতিথিসকলৰ দ্বাৰা ষ্টাৰ্ট-আপ বা উদ্যোগীসকলৰ বাবে প্ৰশ্নোত্তৰৰ শিতানো আছিল। প্ৰদৰ্শনৰ এই দিনটোত ১০টা উদ্যোগী গোটে বিশিষ্ট বিনিয়োগকাৰী যেনে মেনটেৰা, নেডফি, এন আৰ এল, এইচ ডি এফ চি বেংক, এ জি ভি বি আদিক তেওঁলোকৰ ব্যৱসায়ৰ বিষয়ে জানিবলৈ দি কৃষি আৰু আনুসংগিক খণ্ডত বিনিয়োগৰ বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰি বিনিয়োগৰ বাবে আহ্বান জনায়।

অনুষ্ঠানৰ আৰম্ভণি হয় এই খণ্ডৰ লগত জড়িত বিভিন্ন গোট আৰু অনুষ্ঠানৰ ব্যক্তিসকল আৰু বিত্তীয় আৰু বিপণনত সহায়তা কৰিব পৰা প্ৰতিষ্ঠানসমূহৰ উদ্যোগীসকলৰ মাজত হোৱা ঘূৰণীয়া মেজ মেলৰ দ্বাৰা। অনুষ্ঠানৰ আটাইতকৈ মূল্যবান প্ৰাপ্তি হ’ল ব্যৱসায় বৃদ্ধিৰ বাবে প্ৰয়োজনীয় অৰ্ন্তদৃষ্টি আৰু উদ্যোগীসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰতিবন্ধকতা যেনে মূলধন আহৰণ, যোগান শৃংখলৰ সুব্যৱস্থাপনা, ক্ৰেতা আহৰণ, গোটৰ অৰ্থনীতি পৰিচালনা আৰু বিত্তীয় ব্যৱস্থা, গুণগত মানৰ নিশ্চয়তা আদিৰ লগতে সৃজনশীলতা আৰু কাৰিকৰী দক্ষতাৰ দ্বাৰা সমস্যা সমাধানৰ বিষয়ে জ্ঞান লাভ।

অনুষ্ঠানত চি আই আই ই. চি অ’ৰ অংশীদাৰ আৰু ষ্টাৰ্ট-আপৱেচিচৰ মুখ্য কাৰ্য্যবাহী বিষয়া চিন্তন বক্সীয়ে এ এ জি এল কেৱল অসমৰ কৃষি ভিত্তিক উদ্যোগ খণ্ডত উন্নয়নৰ অৰ্থে হাতত লোৱা এক অভূতপূৰ্ব কাৰ্য্যসূচী নহয় ই দেশৰ কৃষিখণ্ড আৰু এম এছ এম ই ক্ষেত্ৰৰ উন্নয়নৰ দিশতো এক পথ প্ৰদৰ্শক হ’ব বুলি কয়। চি আই আই ই. চি অ’ৰ ষ্টাৰ্ট-আপ প্ৰয়োগশালা আৰু উদ্যমিতা ত্বৰান্বিতকৰণৰ বিষয়ত থকা ইয়াৰ পাৰদৰ্শিতাৰ দ্বাৰা ব্যৱসায়িক পৰামৰ্শ প্ৰদান, মূলধন আহৰণ আৰু বিপণনৰ বাবে বজাৰৰ ব্যৱস্থা আদি বিষয়ত অসমৰ কৃষি খণ্ডৰ উদ্যোগীসকলক সহায়তা আগবঢ়াব।

অনুষ্ঠানৰ আন আক আকৰ্ষণ আছিল এ এ জি এলৰ প্ৰয়োগশালাৰ এজন উদ্যোগীৰ দ্বাৰা উদ্ভাৱন কৰা ‘ফ্ৰেছডু’ এপ্ – সতেজ শাক-পাচলি, ফলমূল আৰু মাংসৰ ডেলিভাৰীৰ বাবে এটি এপ্। এ এ জি এলৰ টীম লীডাৰ আৰু চি আই আই ই. চি অ’ৰ আঞ্চলিক প্ৰয়োগশালাৰ জ্যেষ্ঠ প্ৰৱন্ধক অৰিজিৎ শৰ্মাই আবেদনৰ বাবে আহ্বানৰ ইউ আৰ এল যি এ এ জি এলৰ ৱেবচাইটৰ (https://aagl.ciie.co/) লগত হাইপাৰ লিংক হোৱা বিষয়টো হাতে-কলমে কৰি দেখুৱায় আৰু অসমৰ প্ৰতিজন আগ্ৰহী কৃষি উদ্যমীক এই কাৰ্য্যক্ৰমত আবেদন কৰিবলৈ অনুৰোধ জনায়। অনুষ্ঠানৰ শেষত অংশগ্ৰহণকাৰীসকলে এ এ জি এলৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী দৰ্শন কৰে। সকলো অংশীদাৰে অসমৰ কৃষি ব্যৱসায় পৰিবেশৰ উন্নয়নৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে এপাৰ্টৰ ভূয়সী প্ৰসংশা কৰে আৰু এ এ জি এলৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে। শেষত নিতীশ সিংএ শলাগৰ শৰাই আগবঢ়ায়।

You might also like