Your Voice, Our Strength

মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটীত ৮ম আন্তৰ্জাতিক যোগ দিৱস, ২০২২ উদযাপন

আজিৰ খবৰ, গুৱাহাটী, ২১ জুন , ২০২২: গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলত ২১ জুন, ২০২২, মঙলবাৰে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।শিক্ষাৰ্থীসকলে তিনিটা গোটত যোগাসন প্ৰদৰ্শন কৰে। গ্ৰুপ এ-য়ে নবীনসকলৰ বাবে আসন প্ৰদৰ্শন কৰে, গ্ৰুপ বি-য়ে মাধ্যমিক আসন প্ৰদৰ্শন কৰে আৰু গ্ৰুপ চি-য়ে যোগ শিক্ষক ড. চাইফুল ইছলামৰ নিৰ্দেশনাত উচ্চস্তৰীয় আসন প্ৰদৰ্শন কৰে।৮০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে অতি উৎসাহ আৰু আনন্দেৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

 

মন-শৰীৰৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই অনুষ্ঠানটো অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী নিবিড় ভট্টাচাৰ্যৰ ভাষণৰ জৰিয়তে আৰম্ভ কৰা হয়। শিক্ষাৰ্থীসকলে যোগৰ তাৎপৰ্যৰ ওপৰত বিভিন্ন শিল্পকৰ্ম আৰু প্ৰবন্ধৰে এখন প্ৰদৰ্শনী বোৰ্ডৰো সৃষ্টি কৰে। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটিৰ গাম্ভীৰ্য্যবৰ্ধনৰ বাবে এটি সমবেত সংগীত পৰিবেশন কৰে। অধ্যক্ষা শ্ৰীমতী জোনালী দাসে শিক্ষাৰ্থীসকলক সম্বোধন কৰি দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে যোগে কেনেদৰে শৈক্ষিক প্ৰদৰ্শনৰ পৰা আৰম্ভ কৰি চাপ ব্যৱস্থাপনা তথা সামগ্ৰিক শাৰীৰিক-মানসিক সুস্থতালৈকে তেওঁলোকৰ জীৱনৰ বিভিন্ন দিশত ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেই সম্পৰ্কে আলোচনা কৰে।

 

P&C

বিদ্যালয়খনে যোগ সম্পৰ্কীয় বিষয়ত বিশেষভাৱে গুৰত্ব আৰোপ কৰি আহিছে আৰু শিক্ষাৰ্থীসকলক ইয়াক তেওঁলোকৰ জীৱনৰ অংশ কৰি তুলিবলৈ উৎসাহিত কৰিছে কিয়নো ই ভাৰসাম্যতা, শক্তি, সহনশীলতা আৰু শাৰীৰিক তথা আৱেগিক স্থিৰতা লাভ কৰাত সহায় কৰে। ইয়াৰ উপৰিও, বিদ্যালয়খনে মানসিক স্বাস্থ্যৰ সমস্যাবোৰৰ বিষয়ে সক্ৰিয়ভাৱে সজাগতা সৃষ্টি কৰি আহিছে আৰু শিক্ষাৰ্থীসকলক সেই বিষয়ে শিক্ষিত কৰি আহিছে।বিদ্যালয়খনে শেহতীয়াকৈ শিক্ষাৰ্থীসকলক দৈনন্দিন চাপৰ সৈতে মোকাবিলা কৰাত আৰু শৈক্ষিক তথা ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্যতা বজাই ৰখাত সহায় কৰিবলৈ এটা মানসিক স্বাস্থ্য পৰামৰ্শ বিভাগ আৰম্ভ কৰিছে। ই ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ নিয়ন্ত্ৰণৰ উপায় লাভ কৰাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যকৰ বিকল্প বাছনি কৰাত সহায় কৰিব। বিদ্যালয় কৰ্তৃপক্ষই বিশেষকৈ কোভিড-১৯ মহামাৰীৰ পিছত শিক্ষাৰ্থীসকলৰ মাজত বৰ্ধিত চাপ আৰু উদ্বেগৰ বাবে মানসিক স্বাস্থ্য পৰামৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল।

You might also like