Your Voice, Our Strength

বৰাগাঁওৰ ডাম্পিং গ্ৰাউণ্ডত বিজ্ঞান সন্মত পদ্ধতিৰে আৱৰ্জনা নেপেলোৱা কাৰ্যত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্বেগ প্ৰকাশ

মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ হস্তক্ষেপ কামনা

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ ( এন জি টি ) কঠোৰ নিৰ্দেশৰ পাছত পশ্চিম বৰাগাঁওত দীপৰ বিলৰ সমীপত থকা পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ জুলাই মাহত বন্ধ কৰি দিছিল । তাৰ পাছত পৌৰ নিগমে পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা প্ৰায় এক কিঃমিঃ নিলগৰ পশ্চিম বৰাগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্য চৰকাৰে আবণ্টন দিয়া প্ৰায় ৬০ বিঘা মাটিত গেলা পঁচা, দূষিত আৱৰ্জনা পেলাই আহিছে । কিন্ত কোনো ধৰণৰ বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন নকৰাকৈ পৌৰ নিগমে পামহী কেনেলৰ দাঁতিত অহৰহ আৱৰ্জনা পেলাই অহা বাবে পুনৰ দীপৰ বিলৰ পানী প্ৰদূষিত হৈ পৰে । যাৰ বাবে দীপৰ বিলৰ চাৰিওকাষে থকা বৰাগাঁও , পামহী , দেউছটাল , চকৰদৌ কলিতাপাৰা , মিকিৰপাৰা , আজাৰা মাটিয়া , কেঁওতপাৰাকে ধৰি ১৬ খন গাঁওৰ ৰাইজে দহ মাহৰো অধিক দিন ধৰি দুৰ্গন্ধ , মহ , ডাহ , মাখিকে ধৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অনিষ্টকাৰী পোক পৰুৱাৰ সৈতে সহাৱস্থান কৰি চলিবলগীয়া হৈছে । আনহাতে ইয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ একাংশ লোক নানান অচিন ৰোগত আক্ৰান্ত হোৱাৰ পাছত যোৱা ছেপ্টেম্বৰ মাহৰ পৰা অঞ্চলটোৰ ৰাইজে সমূহীয়া ভাবে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । আনহাতে দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সদায় সুৰক্ষিত ৰক্ষাৰ স্বাৰ্থত দীপৰ বিল বাচাও আন্দোলনলৈ সমৰ্থন আগবঢ়াই অহা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী পৌৰ নিগমে প্ৰায় এঘাৰ মাহ ধৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলাই দীপৰ বিলৰ পানী , মাটি , বায়ু প্ৰদূষিত কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । আনকি দীপৰ বিলৰ দৰে এটা বিশ্ববিখ্যাত জলাশয় আৰু দেশী বিদেশী চৰাইৰ বিচৰণথলী আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰা দীপৰ বিলৰ পানী প্ৰদূষিত হৈ ব্যৱহাৰৰ অনুপযোগী হোৱা বিষয়টোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ হস্তক্ষেপ কামনা কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । যদি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা নহয় তেন্তে বেলৰতলৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰিবলৈও পৌৰ নিগমক আহ্বান জনাইছে বিধায়ক কলিতাই । আনকি অসম বিধানসভাৰ বিগত বাজেট অধিবেশনত বিধায়ক কলিতাই ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ পৌৰ নিগমে আৱৰ্জনা পেলাই দীপৰ বিলখন প্ৰদূষিত কৰা আৰু চৰকাৰে এইক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰা বুলি অভিযোগ কৰিছিল । উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমে কেবাবাৰে বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন কৰিম বুলি ঘোষণা কৰিও সেই ঘোষণা বাস্তৱত ৰূপায়ণ নকৰাৰ প্ৰতিবাদত দীপৰ বিল সুৰক্ষা মঞ্চই অহা ২৬ জুনত দিনৰ ১১ বজাৰ পৰা দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰী শ্ৰীভাঙৰা গোহাঁই মন্দিৰ চৌহদত পুনৰ দুঘণ্টাযোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিছে ।

P&C
You might also like