Your Voice, Our Strength

বাণিজ্যত ষষ্ঠ স্থানপ্রাপ্ত দীপক লোধাৰ মন চার্টার্ড একাউনটেণ্ট হোৱাৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত কে চি দাস বাণিজ্য মহাবিদ্যালয়ত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় । বিশেষকৈ বাণিজ্য শাখাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰে মহাবিদ্যালয়খনৰ কৃতি ছাত্ৰ দীপক লোধাই। কৃতী ছাত্ৰ গৰাকীয়ে ইংৰাজী বিষয়ত ৮৭ নম্বৰ, ঐচ্ছিক বিষয়ত ৯৪ নম্বৰ, একাউনটেন্সীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৯৯ নম্বৰ, বি এম এছত ৯৩ নম্বৰ, নম্বৰ , বিজিনেজ ষ্টাডিজত ৯৫ আৰু অর্থনীতি বিষয়ত ৯১ নম্বৰসহ মুঠ ৪৬৮ নম্বৰ (৯৩.৬ শতাংশ) লাভ কৰে । কুমাৰপাৰাৰ এফ এ ৰোডৰ বৰভূঞা কমপ্লেক্সৰ বাসিন্দা তথা ব্যৱসায়ী দৌলত ৰাম লোধা আৰু মাতৃ শৰ্মিলা দেৱী লোধাৰ একমাত্ৰ পুত্ৰ দীপকে পৰীক্ষাৰ পূৰ্বে দৈনিক ৭ ৰ পৰা ৮ ঘণ্টালৈকে অধ্যয়ন কৰিছিল। লগতে লকডাউনৰ সময়ত অনলাইন ক’চিং কৰা বুলি তেওঁ জানিবলৈ দিয়ে। ফলাফল ঘোষণা কৰাৰ সময়ত মহাবিদ্যালয়ত উপস্থিত হোৱা দীপকক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হৃষীকেশ বৰুৱাকে ধৰি শিক্ষক সমাজে উৎকৃষ্ট প্ৰদৰ্শনৰে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা বাবে তেওঁক গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় । এই সফলতাৰ আঁৰত দীপকে তেওঁৰ পৰিয়ালৰ লোক , মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক – শিক্ষয়ত্ৰী সকলৰ অবদান থকা বুলি কয়। ভৱিষ্যতে এগৰাকী চার্টার্ড একাউনটেন্ট হোৱাৰ সপোন পুহি ৰখা দীপকে বৰ্তমান চাৰ্টাৰ্ড একাউণ্টৰ কোচিং কৰি আছে । অৱশ্যে কে চি দাস বাণিজ্য মহাবিদ্যালয়ত বি কমত নামভৰ্তি কৰিব বুলি দীপক লোধাই জানিবলৈ দিছে । উল্লেখযোগ্য যে এইবেলি কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ২৮৫ জন ছাত্র-ছাত্ৰী পৰীক্ষাত অৱতীর্ণ হয় ইয়াৰে ২৭৬ জন উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ হল ৯৭ শতাংশ । ইয়াৰ ভিতৰত ১৩৭ জনে ষ্টাৰ নম্বৰ , ১২২ জনে ইংৰাজীত লেটাৰ নম্বৰ , ১৯৫ জনে অলটাৰনেটিভ ইংৰাজীত লেটাৰ নম্বৰ , ৬৪ জনে একাউণ্টেন্সিত লেটাৰ নম্বৰ , ১৩৭ জনে বিজিনেজ ষ্টাডিজত লেটাৰ নম্বৰ , ১৮ জনে অৰ্থনীতিত লেটাৰ নম্বৰ , ৫০ জনে ফাইনেন্সত লেটাৰ নম্বৰ , ২৪ জনে বি এম এছত লেটাৰ নম্বৰ , ৪ জনে গণিতত লেটাৰ নম্বৰ লাভ কৰে । তেনেদৰে উত্তীৰ্ণ হোৱা ২৭৬ জনৰ ভিতৰত ভিতৰত ২৪২ জনে প্রথম বিভাগ, ৩১ জনে দ্বিতীয় আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়।

P&C
You might also like