Your Voice, Our Strength

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ বিশিষ্ট ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুন, ২০২২ঃ ৰাজ্যৰ অস্বাভাৱিক বান পৰিস্থিতিত ঘৰ-বাৰী, খেতিপথাৰ হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ সাহাৰ্যৰ বাবে বিশিষ্ট সমাজকৰ্মী তথা মহানুভৱ ব্যক্তি মইনুল আলিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ৫ লাখ টকাৰ চেক অৰ্পণ কৰে। উল্লেখ্য যে, যিকোনো দুৰ্যোগৰ সময়ত ৰাইজক বিভিন্ন ধৰণে সহায় আগবঢ়াই অহা মইনুল আলি মহানগৰীৰ ছয়মাইলৰ ফকৰুদ্দিন আলী আহমদ পথৰ বাসিন্দা। বিগত ক’ভিদ মহামাৰীৰ সময়তো অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱা বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মইনুল আলিয়ে সাম্প্ৰতিক বান পৰিস্থিতিত গৃহ জিলা নলবাৰীৰ বিভিন্ন ঠাইত আক্ৰান্তসকলৰ মাজত ব্যক্তিগতভাৱেও বানসাহাৰ্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে।

You might also like